Breaking

মুখ্যমন্ত্ৰীৰ সমষ্টিত জলপৰিবহনৰ পয়া লগা অৱস্থা, বাৰিষা নচলিলে চলিব কেতিয়া ৰ’ৰ’ জাহাজ, পনবন্দী মাজুলীবাসী ।

0 958

উজনি মাজুলী : মাজুলী আৰু যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাক উন্নীত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২০১৮ চনৰ ১১ অক্টোবৰৰ পৰা প্রৱর্তন কৰিছিল অত্যাধুনিক ৰ’ ৰ’ জাহাজ। নিমাতি-মাজুলী ফেৰী সেৱালৈ অহা যুগান্তকাৰী পৰিবৰ্তনৰ দিনটোত উপস্থিত থাকি ফিটা কাটি নৌকা বিহাৰেৰে শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল এই জাহাজে মাজুলীৰ পৰিবহনলৈ এক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ লগতে নদীদ্বীপটোৰ ব্যৱসায়িক ক্ষেত্ৰখনতো নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় ১০০ জন যাত্ৰীক কঢ়িয়াই নিয়াৰ লগতে ২৫ খন সৰু গাড়ী আৰু আঠখন ট্ৰাক কঢ়িয়াই নিব পৰা ক্ষমতা থকা জাহাজখন পাই উৎফুল্লিত হৈ পৰিছিল মাজুলীবাসী। পিছে অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱত সাত মাহ চলিয়েই চলাচল বন্ধ হৈ পৰিল ৰ’ ৰ’ জাহাজৰ৷ ৰঙা ফিটাৰ মেৰপেছত পৰি ১০ কোটি টকাৰ ব্যয় সাপেক্ষত নিৰ্মাণ কৰা অত্যাধুনিক ৰ’ ৰ’ জাহাজে এতিয়া নিমাতি ঘাটত মৃত্যুৰ ক্ষণ গণিছে৷ ভাৰতীয় জলমার্গ প্রাধিকৰণৰ পৰিচালনাত চলাচল কৰা জাহাজখনৰ চলাচল কৰি থকাৰ সময়তো সৰহভাগ দিন বিকল হৈ থকাৰ উপৰি নদীত জলস্তৰ হ্রাস হোৱাৰ অজুহাতত জাহাজখন বন্ধ থকাৰ লগতে বাৰিষাৰ সময়ছোৱাতো জাহাজখন বন্ধ ৰাখিছিল। একেদৰে লাভ কম হোৱা, কর্মচাৰীৰ সংখ্যা উপযুক্ত নোহোৱা আদিকো কাৰণ হিচাপে দেখুৱাব খোজা ভাৰতীয় জলমার্গ প্রধিকৰণে চলাচলৰ সাত মাহৰ পিছত একেবাৰেই বন্ধ কৰি দিলে ৰ’ ৰ’ জাহাজৰ চলাচল। এতিয়া নিমাতি ঘাটত ফুলদানী হৈ পৰি ৰৈছে প্ৰায় ১০ কোটি টকীয়া অত্যাধুনিক ৰ’ ৰ’ জাহাজ। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে জলপৰিবহন ব্যৱস্থাৰ এই দশা। ইফালে ব্ৰহ্মপুত্ৰত জলস্তৰ সামান্য বৃদ্ধি হলেই তাৎক্ষণিকভাৱে নিমাতি-মাজুলী সংযোগী ফেৰী সেৱা বন্ধ কৰি নিচিন্ত হৈ থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগটোৰ কাণ্ড কাৰখানাই বিতুষ্ট কৰি তুলিছে মাজুলীবাসীক। পূৰ্বে ভৰ বাৰিষাৰ সময়তো ফেৰী চলিছিল। মাজুলীবাসী সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে সুকলমে ফেৰী সেৱা আগবঢ়াই আহিছিল। আৰু এতিয়া নদীৰ পাৰ দেখি নোপোৱা বিভাগটোৰ উৰ্ধতম বিষয়াই নদীত পানী বাঢ়িলেই ফেৰী বন্ধ কৰি দায়িত্ব সামৰা কাণ্ডত ক্ষোভিত হৈ পৰিছে মাজুলীবাসী। অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাবে যোৰহাটৰ ওপৰত নির্ভয় কৰি অহা মাজুলীবাসী এতিয়া ফেৰী ঘাট বন্ধৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। ৰ’ৰ’ ফেৰীখনো নিমাতীতে তেনেদৰে পৰি ৰোৱাত নানান সমস্যাৰ সন্মুখীন হৈছে মাজুলীবাসী। ইফালে বিশ্বনাথৰ কংগ্ৰেছ ভৱনত এক সংবাদমেলত মাজুলীৰ এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰি শীঘ্ৰে ৰ’ৰ’ জাহাজখন চলাচলৰ ব্যবস্থা কৰিবৰ বাবে দাবী জনায় কংগ্ৰেছে। অলপতে মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মাজুলীলৈ আহিবলৈ আহি ফেৰী বন্ধৰ বাবে নিমাতি ঘাটৰ পৰাই উভতি যাব লগা হয় কংগ্ৰেছ দলৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ফেৰী ঘাটত পৰিত্যক্ত অৱস্থাত থকা ৰ’ ৰ’ জাহাজখন দেখি অবাক হৈ পৰে বিধায়ক কুৰ্মী। বানৰ এই জটিল সময়ত সুকলমে ব্ৰহ্মপুত্ৰত চলি থাকিব পৰা ক্ষমতা থকা ফেৰীখন এনেদৰে পেলাই থোৱাত ক্ষোভ প্ৰকাশ কৰে বিধায়ক জনে। শীঘ্ৰে ৰ’ৰ’ জাহাজখন কাৰ্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে বিধায়ক কুৰ্মীয়ে|

Leave A Reply