Breaking

আগিয়াত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ প্রতিমূর্তি উন্মোচন…

0 40

গোৱালপাৰা জিলাৰ আগিয়া মহাবিদ্যালয় খেলপথাৰত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা নির্মান কৰি উলিওঁৱা স্বাধীনতা সংগ্ৰামী শ্বহীদ নিধানুৰাম ৰাজবংশীৰ প্ৰতিমুর্ত্তী সোমবাৰে উন্মোচন কৰা হয় ! আগিয়া অঞ্চলৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি ,

আগিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বিভিন্ন জাতীয় সংগঠণৰ প্ৰতিনিধি বর্গৰ উপস্থিতিত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ প্ৰতিমুর্ত্তীটো উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই !
প্ৰতিমুর্ত্তী উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত স্বাধীনতা সংগ্ৰামী শ্বহীদ নিধানুৰাম ৰাজবংশীৰ

জীৱন বৃত্তান্ত সম্পর্কে চমুকৈ বক্তৱ্য প্ৰদান কৰে আগিয়া যোগেন্দ্ৰনাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন ৰায়ে ! অনুষ্ঠানত ৰাভা হাছঙৰ অধ্যক্ষ চাৰুমোহন ৰাভা , উপাধ্যক্ষ ৰমাকান্ত ৰাভা , সাধাৰণ সদস্যা সুচিত্ৰা নাথ , অশোক কুমাৰ ৰাভা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে !

Leave A Reply