Breaking

চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা পলাশবাৰী সমষ্টিৰ লোচনা তাৰাপতিৰ এটা দৰিদ্ৰ পৰিয়ালৰ কাহিনী

0 2,050

বিজেপি দল আৰু চৰকাৰে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা আৰু দেশৰ শেষৰ জন দৰিদ্ৰ লোকেও যাতে খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগিব লগা নহয় তাৰবাবেও আঁচনি গ্ৰহণ কৰিছে  বুলি  বুলি দলৰ মন্ত্ৰী – বিধায়ক আনকি দেশৰ স্বয়ং প্ৰধানমন্ত্ৰীয়েও সময়ে সময়ে ঘোষণা কৰি আহিছে । কিন্তু ইয়াৰ মাজতো ৰাজ্যৰ আন বহু সমষ্টিৰ লগতে গুৱাহাটীৰ গাতে লগা পলাশবাৰী সমষ্টিৰ   ১০৮ নং মালিয়াটা গাওঁ  পঞ্চায়তৰ  ৭ নং  ৱাৰ্ডৰ ( গৃহ নং – ৬ ) সন্ধ্যা দাস নামৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈকে ৰেচন কাৰ্ডখনৰ বাহিৰে নাপালে একো চৰকাৰী সাহায্য । এটা ঘৰৰ অভাৱত পৰিয়ালটোৱে উৱঁলি যোৱা চালিৰ তলত  ফৰকাল বতৰত  নিশা আকাশৰ তৰা চাই আৰু বৰষুণৰ বতৰত পলিথিন – প্লাষ্টিক মূৰত লৈ উজাগৰে থাকিব লগা হয় । কিছুদিন আগলৈকে  আনৰ ঘৰত দিন হাজিৰা কৰি পেটে ভাতে চলি থকা সন্ধ্যা দাস বৰ্তমান ৰুগীয়া হোৱা বাবে পত্নী হেমপ্ৰভা দাসে এতিয়া আনৰ ঘৰত কাম কৰিব লগা হৈছে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা  সন্ধ্যা দাসে আজিও নাপালে প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ ( পি এম এ ৱাই )  অধীনত এটা ঘৰ । এই সন্দৰ্ভত তেওঁলোকে বহুবাৰ  গাওঁ পঞ্চায়তৰ  সদস্য –  সভাপতিক আবেদন –  নিবেদন কৰি আহিছে যদিও আশ্বাসৰ বাহিৰে পৰিয়ালটোৱে আজিলৈকে একো নাপালে । আনটো বাদেই বিগত বর্ষত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনি , কনকলতা বৰুৱা সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ পৰাও পৰিয়ালটো বঞ্চিত হবলগীয়া হৈছে । উল্লেখযোগ্য যে তিনিজনী জীয়ৰীক বিয়া দিয়াৰ পাছত সন্ধ্যা দাস আৰু   হেমপ্ৰভা দাসৰ অৱস্থা  সম্প্ৰতি চকুৰ পানীৰে বাট নেদেখা হৈছে । বিশেষকৈ ৰুগীয়া স্বামীক লৈ পত্নী হেমপ্ৰভা দাস ভীষণ সংকটত পৰিছে । এইক্ষেত্ৰত  অঞ্চলটোৰ একাংশ সচেতন লোকে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হস্তক্ষেপ কামনা কৰিছে ।

Leave A Reply