Breaking

জীৱন যুদ্ধত হাৰ মানিব নোখোজা এগৰাকী মহিলাৰ কাহিনী

0 1,626

 জীৱন চাগে এনেকুৱাই । কাৰোবাৰ বাবে বিলাসিতা আৰু আন কাৰোবাৰ বাবে কেৱল সংগ্ৰাম । তেনে এগৰাকী জীৱন সংগ্ৰামী মহিলা পৰিলক্ষিত হ’ল মৰাণ সমষ্টিৰ বগীবিল পঞ্চায়তৰ লেংগা পথাৰত । মহিলা গৰাকীৰ নাম প্ৰণিতা সিং । স্বামীহাৰা মহিলা গৰাকীয়ে তিনিগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ সমষ্ট দায়িত্ব অকলেই মুৰ পাতি লৈছে । আনৰ বাৰীৰ শাক পাছলি  ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এখন ভগা চাইকেলেৰে বিক্ৰী কৰি ফুৰে মহিলা গৰাকীয়ে । শাক পাচলি বিক্ৰী কৰি যি দুই চাৰি টকা উপাৰ্জন কৰে তাৰেই পৰিয়াল পোহপাল দিয়ে মহিলা গৰাকীয়ে। কিছু বছৰৰ পূৰ্বে মৃত্যু হৈছে মহিলা গৰাকীৰ স্বামী । স্বামীৰ অবৰ্তমানত ৰ’দ বৰষুণ নেওচি ভোকে লঘোণে মহিলা গৰাকীয়ে এইদৰেই পুৱা চাইকেলৰ কেৰিয়াৰত শাকপাচলিৰ গধুৰ গধুৰ মোনা কঢ়িয়াই দুপইচা উপাৰ্জনৰ বাবে ওলাই যায়। প্ৰায় পোন্ধৰ কিলোমিটাৰ অঞ্চলত চাইকেল মাৰি ঘৰে ঘৰে গৈ শাক পাচলি বিক্ৰী কৰি ফুৰে মহিলা গৰাকীয়ে । কেতিয়াবা বিক্ৰী হয় কেতিয়া একেবাৰে বিক্ৰী নহয়। বিক্ৰী নোহোৱা দিনা মহিলা গৰাকীৰ চৌকাত সেইদিনা জুই নজ্বলে । ঘৰখনৰ ৫ টি প্ৰাণীয়ে নোখোৱাকৈয়ে নিশা পাৰ কৰিব লগা হয়। আজিলৈকে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোক।  সন্তানৰ ভৱিষ্যতক লৈও চিন্তিত হৈ পৰিছে মহিলা গৰাকী। পুত্ৰ-কন্যাৰ ভৰণ পোষনৰ দায়িত্ব এইদৰে আৰু কিমান দিনলৈ পালন কৰাটো সম্ভৱপৰ হৈ উঠিব মহিলা গৰাকীৰ পক্ষে। উপায়ন্ত মহিলা গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক কিছু সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে ।

Leave A Reply