Breaking

মাইক্ৰ’ ফাইনেঞ্চে মানসিক বিকাৰগ্ৰস্ত কৰা জানমনিৰ কাহিনী : বাস কৰে গোহালী সদৃশ ঘৰত, নাই কোনো জনপ্ৰতিনিধিৰ সহাৰি

0 2,026

নৱম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কন্যা আৰু পুত্ৰ, সুন্দৰ পত্নীৰে ৰঙৰ কাম কৰা প্ৰমোদ বৰদলৈৰ সংসাৰখন সুখৰ আছিল ৷ কিন্তু মাইক্ৰ’ ফাইনেঞ্চে সৰ্বহাৰা কৰা পৰিয়ালটো এতিয়া বাস কৰে গোহালী সদৃশ এটা ঘৰত ৷ মাইক্ৰ ফাইনেঞ্চে ঘৰৰ সামগ্ৰী কাঢ়ি নিয়াৰ বাবে মহিলা গৰাকী এতিয়া মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছে ৷ এই ঘটনা বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ জীৱন গাঠা ৷ মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ লৈ সৰ্বচান্ত হৈ পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ তাৰোপৰি দিন হাজিৰা কৰা স্বামীয়ে ক’ভিড ১৯ মহামাৰীৰ বাবে বোকাখাত মহকুমা সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ’ন হৈ থকাৰ বাবে কামলৈও যাব পৰা নাই ৷ ইফালে পত্নী জানমণি বৰদলৈয়ে মাইক্ৰ’ ফাইনেঞ্চৰ কেইবাটাও ঋণ লৈ ঋণ পৰিশোধ কৰিব নোৱাৰাত গোটৰ লোকে ঘৰৰ পৰা লৈ গ’ল গডৰেজ, টিভি, হোম থিয়েটাৰ, মূল্যৱান বিচনাকে ধৰি বহু সামগ্ৰী ৷ যাৰ ফলত ঘৰখনৰ গৰাকী প্ৰমোদ বৰদলৈৰ পত্নী জানমণি বৰদলৈ এতিয়া মানসিক ৰোগীত পৰিণত হৈছে ৷ ইতিমধ্যে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে জানমনি বৰদলৈয়ে ৷ ফলত ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াই সদায় অশান্তিত দিন কটাব লগা হৈছে ৷ গোহালী সদৃশ এটা ঘৰত এতিয়া বাস কৰে এসময়ৰ সৰু আৰু সুখী পৰিয়ালটো ৷ জৰাজীৰ্ণ বাসগৃহটোত নাই কোনো উন্নতমানৰ বেৰ আৰু বিজুলীৰ সংযোগ ব্যৱস্থা ৷ ক’ভিড ১৯ ৰ মহা সংক্ৰমণ ৰোধৰ বাবে যোৱা বৰ্ষৰ পৰা বিদ্যালয় সমূহ বন্ধ হৈ আছে যদিও এনড্ৰ’ইট মবাইলৰ অভাৱত নৱম শ্ৰেণীত পঢ়ি থকা ৰুবী বৰদলৈ আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা শান্তনু বৰদলৈয়ে অন লাইন ক্লাচো কৰিব পৰা নাই ৷ ইফালে বিদ্যুৎ সংযোগ নথকা ঘৰখনত কেতিয়াবা কেৰাচিন তেলৰ অভাৱৰ বাবেও দুই সন্তানে নিয়মিত পঢ়াশুনা কৰিব নোৱাৰে ৷ তাৰোপৰি মাতৃৰ মানসিক ৰোগৰ আমনিবোৰ আছেই ৷ জানমনি বৰদলৈয়ে অসমী গোট, এল এন টি গোট, সংস্কাৰ গোট, আৰোহন গোট আৰু বন্ধন গোটৰ পৰা ঋণ লৈ ঋণ পৰিশোধ কৰিব নোৱাৰাত অসমী গোটৰ সদস্যাই তেওঁলোকৰ ঘৰৰ সামগ্ৰী কাঢ়ি নি বিক্ৰী কৰি বেংকৰ ধাৰ মাৰে ৷ বন্ধন গোটৰ বাহিৰে আন কেইটা গোটৰ মেনেজাৰে জানমনিৰ মানসিক অৱস্থাৰ বাবে ইতিমধ্যে ৠণ ৰেহাই দিছে ৷ এসময়ৰ সহকৰ্মী অসমী গোটৰ সদস্যাই সামগ্ৰী কাঢ়ি নিয়াৰ পাছৰে পৰাই মানসিকভাৱে ভাগি পৰিল জানমনি বৰদলৈ ৷ আনহাতে দৈনিক ৰং মিস্ত্ৰীৰ কাম কৰা ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি প্ৰমোদ বৰদলৈয়ে বোকাখাত মহকুমাত কন্টেইনমেন্ট জ’ন ঘোষণা হৈ থকাৰ বাবে কাম কৰিবলৈ যাব নোৱাৰি এসাজ খাই এসাজ খাবলৈ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ অৰ্থৰ অভাৱত পত্নী জানমণি বৰদলৈক চিকিৎসা কৰোৱাব নোৱাৰি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছে ৷ আনহাতে ওচৰ চুবুৰীয়া লোকে অগপৰ স্থানীয় নেতাৰ জৰিয়তে মন্ত্ৰী অতুল বৰাক বিষয়টি অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত মাইক্ৰ’ ফাইনেঞ্চ ঋণ মাফৰ ঘোষণা কাৰ্যকৰী কৰি বৰদলৈ পৰিয়ালক ৰক্ষা কৰিব পাৰিবনে ? নে চৰকাৰী ৰঙা ফিটাৰ পাকত পৰিয়ালটো অকালতে মৰহি যাব ? 

Leave A Reply