Breaking

চিলাপথাৰৰ চিত্ৰশিল্পী মুনমী বুঢ়াগোহাঁইৰ সাফল্য…

0 48

ধেমাজি জিলাৰ চিলাপথাৰৰ বালিজান গাঁৱৰ বোৱাৰী মুনমী বুঢ়াগোহাঁই National Online Art Festivalত Best Artist Award চিত্ৰ অংকনৰ জৰিয়তে পাবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰতিযোগী অংশ গ্ৰহণত উক্ত অনুষ্ঠানত মাত্ৰ ২o জন প্ৰতিনিধিক নিৰ্বাচিত কৰা হয়। চিলাপথাৰৰ বালিজান গাঁৱৰ বিজয় শংকৰৰ পত্নী মুনমী বুঢ়াগোহাঁই আৰু শিৱসাগৰৰ লংকাক গোহাঁই গাঁৱৰ স্বৰ্গীয় বুবুল বুঢ়াগোহাঁই আৰু মঞ্জু বুঢ়াগোহাঁইৰ কনিষ্ঠা কন্যা। মুনমীৰ সৃষ্টিৰাজিৰে কনমানি মনৰ কথা নামেৰে গঠন কৰা ‘মন এটি আশা দল’ আৰু চিত্ৰপৰ্ট ফাইন আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয় সমান্তৰালভাৱে চলাই আহিছে।

একেদৰে মুনমীয়ে চিত্ৰপৰ্ট ফাইন আৰ্ট এণ্ড ক্ৰাফট বিদ্যালয়ৰ অধ্যক্ষ লগতে মন এটি আশা দলৰ বৰ্তমানৰ পৰিচালিকা হিচাপে কৰ্মৰত। উল্লেখ্য যে, মন এটি আশা দলৰ জৰিয়তে কণ- কণ শিশুসকলৰ লুকাই থকা সুপ্ত প্ৰতিভাসমূহক এখন উচিত মঞ্চ দিয়াটোৱেই মুনমীৰ লক্ষ্য ৰেখা হিচাপে পৰিগণিত কৰি আহিছে। উক্ত কনমানি দলটিৰ জৰিয়তে বৰ্তমান লৈকে ১০ খন শিশু উপযোগী আলোচনী উন্মোচন কৰা হৈছে বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ চক্ৰপাণি পৰাশৰৰ লগত হোৱা “বাৰ্তালাপ” অনুষ্ঠানতে দশম সংখ্যক আলোচনী উন্মোচন কৰাৰ লগতে বৰ্তমান একাদশ আলোচনীৰ কাম পূৰ্ণ গতি চলি আছে বুলি মন্তব্য কৰে। উল্লখ্যযোগ্য যে মুনমীয়ে পেলনীয়া সামগ্ৰীৰে বিভিন্ন ছবি নিৰ্মাণ কৰি India Book Of Records টো নিজৰ নাম সন্নিবিষ্ট কৰি থৈছে। বৰ্তমানলৈকে চিত্ৰ অংকনৰ জৰিয়তে ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় ৪৫ টাকৈ অধিক সৰু-ডাঙৰ বঁটা বুটলি আনিবলৈ সক্ষম হৈছে।

Leave A Reply