Breaking

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোনোৱালৰ আকস্মিক বিয়োগ, বিভিন্নজনৰ শোক প্ৰকাশ…

0 15

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোনোৱালৰ আকস্মিক বিয়োগ,বিভিন্নজনৰ শোক প্ৰকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিনোদ ওৰফে (চেনিৰাম) সোনোৱালৰ (৫২) আকস্মিক মৃত্যুৰ খবৰে চিলাপথাৰত গভীৰ শোকৰ ছাঁ পেলাইছে।চিলাপথাৰ নগৰ এলেকাৰ চিলা গুটুং গাঁওৰ নিবাসী সৰুকন সোনোৱালৰ পুত্ৰ বিনোদ সোনোৱালে বিগত কিছুদিনৰ পৰা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল। কালি আকস্মিকভাৱে অধিক অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে যদিও চিকাৎসলয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত পত্নী,তিনি গৰাকী কন্যা আৰু বহু নিকট আত্মীয়ক ইহঃলোকত এৰি যোৱা লোকজনৰ অকাল মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক।উল্লেখ্য যে ৯০ দশকত সদৌ অসম ছাত্ৰ

সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক,সভাপতি,ধেমাজি জিলা সমিতিৰ  কাৰ্যনিৰ্বাহক আদি বিভিন্ন পদবীত  সুদীৰ্ঘ বছৰে কাৰ্যনিবাহ কৰিছিল বিনোদ সোনোৱালে। বিনোদ সোনোৱালৰ নেতৃত্বতে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক দিশটো অধিক শক্তিশালী হৈ উঠিছিল। ইয়াৰ পৰিৱৰ্তী সময়তো আমৃত্যু পৰ্যন্ত বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকী। প্ৰাক্তন ছাত্ৰ নেতা জনৰ অকাল মৃত্যুত আছুৰ ধেমাজি জিলাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঞি,জিলা কাৰ্যনিৰ্বাহক দেৱ কলিতা,দেবেন ডেকা,ধেমাজি  মহকুমা সমিতিৰ সভাপতি অৰবিন্দ গগৈ, চিলাপথাৰ‌ আঞ্চলিকৰ সভাপতি বিক্ৰম গগৈ,সাধাৰণ

সম্পাদক পাপুলু গগৈ,সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ  সাধাৰণ সম্পাদক চন্দন কছাৰী, চিলাপথাৰ বাইথ’ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ সোনোৱাল,সম্পাদক পূৰ্ণকান্ত সোনোৱাল,সোনোৱাল কছাৰী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি ক্ষীৰোদ সোনোৱাল, সচিব দিব্যজ্যোতি ডেকাবৰুৱা, উপদেষ্টা, তুলন সোনোৱাল আদি বিভিন্ন সংগঠন, অনুষ্ঠানৰ কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আজি শোকাকুল পৰিবেশৰ মাজত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত নিজা ঘৰৰ চৌহদতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।

Leave A Reply