Breaking

দেৰগাঁৱৰ ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি…

0 69

দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত কৰাইখোৱা চকলা পথাৰ গাঁৱত দেৰগাঁৱৰ অন্যতম এক অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । এই কৰ্মশালাত প্ৰায় ৪০ জন ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে , এই কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰছাত্ৰীক ঢোল , খোল,বিহু নাচ , আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয় । সামৰণি অনুষ্ঠানত বিহু নৃত্য, খোল বাদন , সংগীত , আধুনিক নৃত্য পৰিৱেশন কৰে ছাত্ৰছাত্ৰী সকলে। সামৰণি অনুষ্ঠানত বিহুৰ সাধক মুনীন গগৈ,শিক্ষাবিদ ড°ৰমানন্দ দাসকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ বিশেষকৈ ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ মুখ্য প্ৰশিক্ষক প্ৰবীণ সাংস্কৃতিক কৰ্মী বিনোদ ৰাজখোৱাৰ নেতৃত্বত এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয়। সহ প্ৰশিক্ষক হিচাপে আছিল অনুপম বৰা ,ৰাধিকা ৰাণী দাস ,প্ৰেৰণা শইকীয়া, পূবালী বৰুৱা আদি।

উল্লেখ্য যে ৰাংঢালী সাংস্কৃতিক গোষ্ঠীয়ে সুদীৰ্ঘ প্ৰায় ২৩ টা বছৰে দেৰগাওঁৰ ইমুৰৰ পৰা সিমুৰলৈ ছাত্ৰছাত্ৰী সকলক বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ পৰাই নামজ্বলা বহুতো শিল্পীৰ জন্ম হৈছে।

Leave A Reply