Breaking

টাই আহোম জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত নিৰবছিন্ন ভাবে সংগ্ৰাম অব্যাহত

0 1,077

টাই আহোম জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত, জনগোষ্ঠীৰ ভুমিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক,ভাষিক,সামাজিক আৰু সম্পদ আৰু ঐতিহ্য সুকীয়া পৰিচয়ৰ সুৰক্ষাৰ স্বাৰ্থত বিগত তিনিটা দশক ধৰি অনুসুচিত জনজাতিৰ মৰ্য্যদা বিচাৰি জনগোষ্ঠীটোৰ সংগঠন কেইটাই নিৰবছিন্ন ভাবে সংগ্ৰাম অব্যাহত ৰাখিছে যদিও ৰাজনৈতিক সদিচ্ছাৰ অভাৱহত আজিকো পৰ্য্যন্ত ছৰকাৰে জনজাতিৰ মৰ্য্যদা দিয়া নাই। কৌশলগত ভাবে বিষয় টো কেৱল নিৰ্বাচন কেন্দ্রীক ইছুলৈ পৰ্য্যাবেশিত কৰি এই দীৰ্ঘ দিনৰ নাৰ্য্য দাবীটো চৰকাৰে উলমাই ৰাখিছে ।সেয়েহে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত দিল্লীৰ যন্তৰ মন্তৰত জনগোষ্ঠীটোৰ কেইবাটোও সংগঠনৰ সহযোগত তিনি 15 মাৰ্চত ঘন্টীয়া অৱস্থান ধৰ্মগত কাৰ্য্যসুচী ৰূপায়ন কৰি দিল্লী কপোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।।

আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিয়ে এই অবস্থান ধৰ্মগতৰ কাৰ্যলৈ নৈতিক সমৰ্থন আগবঢ়াইছে। আজি আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিৰ সধাৰণ সম্পাদক অনন্ত গগৈয়ে টাইপাৰ উদ্যোগত ৰূপায়ন কৰিব লগীয়া সংগ্ৰামী কাৰ্য্যসুচীটিলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি টাই আহোম জনঘোষ্ঠীৰ জন জাতিৰ মৰ্য্যদা এক indigenous justified right বুলি কয় আৰু আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা সংগ্ৰামী ভাতৃ সকললৈ সফল সমাপ্তিৰ হেতু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে

Leave A Reply