Breaking

চুৰি কৰা ধনেৰে প্ৰেমিকালৈ সোণৰ চেইন কিনিবলৈ গৈ ৰঙা ঘৰৰ আলহী হল প্ৰেমিক ৰূপি এটিএম চোৰ

0 50

নগাঁও : এটিএমৰ পৰা আনৰ ধন প্ৰৱঞ্চনাৰে হৰলুকী কৰি প্ৰেয়সীলৈ সোণৰ চেইন কিনিবলৈ অহা এটা এটিএম চোৰক জুৱেলাৰী দোকানতে আটক কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰী নামৰ এখন গহণাৰ দোকানত আজি দিনৰ প্ৰায় ১১ বজাত আব্দুল হান্নান নামৰ এ টি এম হেকাৰটোৱে সোণৰ গহণা ক্ৰয় কৰিবলৈ গৈছিল। আব্দুলে নিজৰ প্ৰেয়সীৰ বাবে প্ৰায় ৭৫ হাজাৰ টকাৰ সোণৰ চেইন ক্ৰয় কৰাৰ বাবে দাম–দৰ কৰি থাকোতেই নগাঁও আৰক্ষীৰ এটা দলে আটক কৰি সদৰ থানালৈ লৈ যায়।ধৃত আব্দুলৰ পৰা আৰক্ষীয়ে ৪ খনকৈ চুৰি এটিএম কাৰ্ড জব্দ কৰিছে। নগাঁও চহৰৰ বিভিন্ন এটিএমত ধন উলিয়াবলৈ যোৱা বয়োজ্যেষ্ঠ লোকৰ পৰা চলনাৰে এটিএম সলনি কৰি বহু লোকক সৰ্বস্বান্ত কৰি আহিছিল আব্দুল হান্নানে। ধৃত আব্দুল হান্নানৰ লগতে নগাঁৱৰ জুৰীয়া, ৰূপহী আৰু চামগুৰি অঞ্চলৰ কেইবাটাও প্ৰৱঞ্চক লগ হৈ বহু লোকৰ একাউণ্টৰ ধন হৰলুকী কৰি আহিছিল। বৰ্তমান আৰক্ষীয়ে আব্দুল হান্নানৰ সহযোগীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আটকাধীন আব্দুল হান্নানৰ ঘৰ নগাঁৱৰ কাৱৈমাৰীত।

Leave A Reply