Breaking

মাৰ্ঘেৰিটাস্থিত ‘ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ’ৰ তৃতীয় বৰ্ষপুৰ্তি অনুষ্ঠান…

0 38

বৰ্তমান সময়ত ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বহল সমাদিত চিকিৎসা পদ্ধতি হৈ পৰিছে থেৰাপী চিকিৎসা পদ্ধতি। বহু দুৰাৰোগ্য ৰোগীও থেৰাপী পদ্ধতিয়ে চিকিৎসা কৰি আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাস্থিত “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰে তিনি বছৰে বহু ৰোগীক আৰোগ্য কৰি তুলিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাস্থিত “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰ আজি তৃতীয় বৰ্ষপুৰ্তি অনুষ্ঠানটি নিজ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ উৎযাপন কৰা হয়।

বৰ্ষপুতি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মাৰ্ঘেৰিটা স্থানীয় বহু কেইগৰাকী গন্য মান্য ব্যক্তিক “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত কাৰ্যসূচীত প্ৰতিষ্ঠানটো নৰ্থ ইষ্টৰ মাৰ্কেটিং ডাইৰেক্টৰ ৰেৱ বৰুৱা আৰু এৰিয়া মেনেজাৰ হেমজ্যোতি মৰাণৰ লগতে মাৰ্ঘেৰিটা স্থিত “ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ”ৰ কৰ্মচাৰীসহ অঞ্চলটো বহু সংখ্যক গন্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply