Breaking

লাহৰীঘাটৰ বহলাৰমূখ এম ই মাদ্ৰাছাত ” জনভাগিদাৰী ” তিনি দিনীয়া কাৰ্যসূচীৰ সফলতাৰে সম্পন্ন…

0 134

সমগ্র অসমৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ বৰবৰি মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ বহলাৰমুখ মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়তো তিনিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সাক্ষৰতা আৰু সাংখ্যিকতা মিছনৰ লগত সংগতি ৰাখি জনভাগিদাৰী কাৰ্যসূচীৰ সফল ৰূপায়ন কৰা হয়। জি-২০,এন ই পি আৰু এফ এল এনৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।

জনভাগিদাৰী ক্ৰিয়াকলাপৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমদল উলিওৱা হয় , ছাত্ৰ -ছাত্ৰীসকলৰ দ্বাৰা কবিতা আবৃত্তিৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সাধুকথা কোৱাৰ অভ্যাস গঢ়ি তোলা হয়। সাধুকথা চৰ্চাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনশীলতা আৰু কল্পনা শক্তিৰ বিকাশ সাধন কৰাৰ প্ৰয়াস কৰা হয়। জনভাগিদাৰী ক্ৰিয়াকলাপৰ অন্তিম দিনাখন ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

জনভাগিদাৰী ক্ৰিয়াকলাপৰ লগত সংগতি ৰাখি বৰ্তমান সময়ত প্লাষ্টিকৰ ভয়াবহতা আৰু পানী সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কেও এক সজাগতামূলক ক্ৰিয়াকলাপ অনুষ্ঠিত কৰা হয়। তিনি দিনীয়া কাৰ্যসূচীৰ সফলতাৰে সম্পন্ন কৰাত বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল হাসিম, সহকাৰী শিক্ষক কফিল উদ্দিন, বিৰাজ ভৰদ্বাজ,মনোজ গগৈ, আব্বাছ আলী শিক্ষয়িত্ৰী পল্লৱী বৰগোহাঁই, দেবযানী শইকীয়া, আনজুমানাৰা বেগমৰ সহযোগত শান্তি শৃঙ্খলাৰ মাজেৰে কাৰ্যসূচী বোৰ সম্পন্ন কৰে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

Leave A Reply