Breaking

ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে মৰিগাঁৱত গণ ধৰ্ণাত পুনৰ বহিল সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে তিৱা সমাজ । ধৰ্ণাস্থলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ তিনি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ…

0 1,556

প্ৰখৰ গৰমকো নেওচি সোম বাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনে মৰিগাঁও সদৰ বিহুতলীত জনগোষ্ঠীটোক চৰকাৰী ভাৱে ভূমিৰ অধিকাৰক উপেক্ষা কৰাৰ লগতে বিশেষকৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ আইন ২০১৭ অতিশীঘ্ৰে প্ৰত্যাহাৰ কৰা,কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এলেকাত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলক আঞ্চলিক স্বায়ত্ব পৰিষদ প্ৰদান আৰু তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তি কৰাৰ দাবীত গণধৰ্ণাত বহা দেখিবলৈ পোৱা যায়।

আন্দোলনৰ সময়ছোৱাত সংগঠনটোৰ সদস্য সকলে পীষুয হাজৰিকা হুচিয়াৰ,BJP চৰকাৰ হায় হায়, ৰাজধানী সম্প্ৰসাৰণৰ জৰিয়তে জনজাতি সকলৰ মাটি-বাৰী হস্তগত কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক,ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহ বে-আইনী ভাৱে দখল কৰাৰ চক্ৰান্ত বন্ধ কৰক,উই ৱান্ট জ্যাচটিচ্, ন’ জ্যাচটিচ্ ন’ ৰেষ্ট, তিৱা স্বায়ত্ব পৰিষদক অতিশীঘ্ৰে সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰক আদি বিভিন্ন শ্লো’গানেৰে পৰিবেশ উত্তাল কৰি তুলাৰ‌ অন্তত তিনিদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃদয় কুমাৰ দাসৰ জৰিয়তে প্ৰেৰণ কৰে।

Leave A Reply