Breaking

জীৱনৰ অস্থিৰতাই সন্মিলিত অসমীয়া জাতি সত্তালৈ কঢ়িয়াই আনিছে এক ভয়ংকৰ অনিশ্চয়তাঃ ড°বোধেন শইকীয়া

0 37

অসমীয়া জাতীয় জীৱনৰ এই জটিল আৰু ভয়ংকৰ সন্ধিক্ষণত শ্ৰীমন্তশঙ্কৰদেৱ নিঃসন্দেহে এক আলোকস্তম্ভ, যিয়ে বিনাশ কৰিব অসমীয়াত্বৰ অন্ধকাৰ ৷ ৰাজনীতিৰ সৰ্বগ্ৰাহী মনোভাৱ আৰু সামাজিক জীৱনৰ অস্থিৰতাই সন্মিলিত অসমীয়া জাতি সত্তালৈ কঢ়িয়াই আনিছে এক ভয়ংকৰ অনিশ্চয়তা । এই অনিশ্চয়তাক প্ৰতিহত কৰি সাংস্কৃতিক আৰু আৰ্থিকভাৱে সবল সমাজ এখন প্ৰতিষ্ঠাৰ বাবে আজিৰ তাৰিখত প্ৰতিজন অসমীয়াই সচেষ্ট হোবা উচিত ।
এই মন্তব্য কৰে বিশিষ্ট নিবন্ধকাৰ তথা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° বোধেন শইকীয়াই । নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ বেবেজীয়া ৰাস মহোৎসৱত তৃতীয় দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণত এই মন্তব্য কৰে ৷ ড° শইকীয়া আৰু কয় যে গুৰুজনাই সম্প্ৰতি আৰু সমন্বয়ৰ উপাদানেৰে যিখন বৃহত্তৰ অসমীয়া সমাজ স্থাপন কৰি জাতীয়তাবাদৰ ধৰ্বজা বহন কৰিছিল,আধ্যাত্মিক দৃষ্টিৰ আলোকেৰে সংস্কৃতিৰ বৰ্নাঢ্য আৰু আপুৰুগীয়া উপাদান সমূহৰ অসমীয়া জাতি তথা সমাজৰ বৰভেটি বান্ধিছিল,সেই সমাজখনত আজি কিন্তু ঘূনে ধৰাৰ উপক্ৰম হৈছে ।

তেওঁ লগতে কয় যে অসমীয়াৰ শৌৰ্য্যবীৰ্য্য আৰু ভৱিষ্যৎ দৰ্শনক কিন্ত কেতবোৰ আপদীয়া উপাদানে ক্ৰমাত দূৰ্বল কৰি তুলিব ধৰিছে । সচেতনতা আৰু সুস্থিৰ চিন্তাৰ দৈন্যই কৰ্ম সংস্কৃতি আৰু মূল্যবোধক সাংঘাতিক ধৰনে ক্ষতি কৰিছে ৷ গৰীমামণ্ডিত অতিতৰ শুভাই নিশকতীয়া ভৱিষ্যতলৈ আগবাঢ়ি যাব ধৰাটো ক্ষিয়ংকৰী কথা ৷


শংকৰী কলাকৃষ্টিৰ সাধক,বেবেজীয়া সোনালী জয়ন্তী ৰাসৰ প্ৰতিষ্ঠাক অনন্ত হাজৰিকাৰ সভাপতিত্ব আজি বিয়লি ২:৩০ বজাত অনুষ্ঠিত হোবা মুকলি সভাত আন এগৰাকী বিশিষ্ট অতিথি তথা লেখক,প্ৰবন্ধক ড° প্ৰদুম্ন্য গোস্বামীয়ে কয় যে- ৰাসৰ মহত্ত্ব আৰু গুৰুত্ব ঐক্য সমন্বয়ৰে একগোট কৰি ৰখা । অসমত ৰাসৰ সৃষ্টিৰ আৰত জগত গুৰুজনাৰ ভুমিকা অপৰিসীম ।
ৰাস হওঁক সম্প্ৰতিৰ উৎসৱ ৷


ড° গোস্বামীয়ে লগতে কয় যে- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ১৪ শতিকাৰ চিন্তাধাৰা সমূহ আজি ২১ শতিকাটো আধুনিক হৈ আছে ৷ কিন্ত একাংশ লোকে মহাপুৰুষ গুৰুজনাক ভকতীয়া পৰম্পৰাত বান্ধি ৰাখিছে । তেওঁ লগতে কয় ৰাস উৎসৱক সমাজ গঢ়াৰ সম্বল হিছাপে গঢ়ি তুলিবলৈ ৰাইজলৈ আহ্বান জনাই । সাংস্কৃতিক সংগঠক তথা আলিবাট প্ৰকাশনৰ স্বতাধিকাৰ প্ৰাঞ্জল মহন্তই আতঁধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনি উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ যাদৱ বৰাই কয় যে – ৰাস হ’ল জীৱাত্মা আৰু পৰমাত্মাৰ মিলন ৷ পৰমানন্দৰ প্ৰেমত আত্মহাৰা হৈ গোপি সকলে যথা সৰ্বস্ব ত্যাগ কৰি প্ৰভু ভগৱন্তৰ ওচৰত কৰা লীলাই ৰাস লীলা । সভাত ৰাস উৎসৱৰ সোনালী জয়ন্তী উপলক্ষে ৰাজ্যিক বটাঁ প্ৰাপক শিক্ষক লক্ষ্মীনাৰায়ণ শৰ্মাৰ দ্বাৰা প্ৰকাশিত চন্দ্ৰাৱলী নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ মহন্তই ৷

সোনলী জয়ন্ত ৰাস মহোৎসৱৰ মুখ্য সম্পাদক বিনোদ বৰুৱাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানটিত বেবেজীয়া গাঁৱৰ বিগত পঞ্চাশ বছৰে ৰাস উৎসৱৰ লগত জৰিত প্ৰায় ষাঠি গৰাকী লোকক সম্বদ্ধৰ্না জনোবা হয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আৰু নিশালৈ অভিনেতা প্ৰদুম্ন্য গোস্বামীৰ পৰিচলানত কইনা সজাব কোনে নাট মঞ্চস্থ হয় । আনহাতে কাইলৈ পৰিবেশ নিকাকৰণ,দুপৰীয়া নাম প্ৰসংগ,নিশালৈ হৰিচন্দ্ৰ পাল্লা ভাওনা অনুষ্ঠিত হব ৷

Leave A Reply