Breaking

এই বছৰ নতুন ভিছা নিদিয়ে আমেৰিকাই ।

0 908

দৈনন্দিন বাৰ্তা ডেস্ক :

এই বছৰ নতুনকৈ এইচ১বিসহ কোনো কামৰ ভিছা নিদিয়ে ট্রাম্প প্রশাসনে। ৩১ ডিচেম্বৰ পর্যন্ত জাৰি থাকিব এই নিয়ম৷ এইচ১বি ভিছা দিয়াৰ প্ৰক্ৰিয়াটো আমূল পৰিৱৰ্তন আনিছে হোৱাইট হাউচে৷ লটাৰীৰ ভিত্তিত নহয়, মেধাৰ ভিত্তিত দিয়া হ’ব ভিছা৷ অৰ্থাৎ যি আবেদনকাৰীক সৰ্বোচ্চ দৰমহা দিয়া হৈছে তেওঁক ভিছাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব৷ হোৱাইট হাউচৰ বক্তব্য, এনেদৰে আমেৰিকাত নিবনুৱা কমাব পৰা হ’ব৷ নাগৰিকৰ কর্মসংস্থান বাঢ়িব৷ বিদেশত থকা শ্ৰেষ্ঠ আৰু দক্ষ কৰ্মীক আমেৰিকাত সুযোগ দিব পাৰিব৷ হোৱাইট হাউচে লগতে জনায় যে আগতে আমেৰিকাত চাকৰিৰ বাবে কম খৰচত বিদেশৰ পৰা অনা কৰ্মীক নিয়োগ কৰা হয়৷ এই অনুমতি নিদিয়ে ট্রাম্প প্রশাসনে৷ এতিয়া মাৰ্কিনৰ চাকৰি আৰু দৰমহা সুৰক্ষিত থাকিব৷ উল্লেখ্য যি প্ৰতি বছৰে ৮৫ হাজাৰ বেছি এইচ১বি ভিছা নিদিয়ে আমেৰিকাই৷ যোৱা বছৰ দুই লাখ ২৫ হাজাৰ ভিছাৰ আবেদন জমা দিয়া হয়৷ ইতিমধ্যে এই ভিছা নীতিক সমালোচনা কৰিছে গুগলৰ চিইঅ’ সুন্দৰ পিচাই, স্পেচেক্সৰ চিইঅ’ ইলোন মাস্কে৷ এই নীতিক প্ৰত্যাহ্বান জনায় মার্কিন উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷ একাংশৰ দাবী যে ভোটাৰক আকৰ্ষণ কৰিবলৈ এই নীতি গ্ৰহণ কৰিছে ট্ৰাম্পে ৷

Leave A Reply