Breaking

জি-৭ বৈঠক তিনি মাহ পিছুৱাব বিচাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ।

0 45

দৈনন্দিন বাৰ্তা নিজা প্ৰতিবেদনঃ

ভাৰত আৰু ৰাছিয়াৰ দৰে দেশবোৰৰ সৈতে উদ্যোগ সমৃদ্ধ দেশবোৰ আমন্ত্ৰণ কৰি আয়োজন কৰিব লগা জি-৭ শীৰ্ষ বৈঠক এইবাৰ জুন মাহৰ পৰা তিনি মাহ পিছুৱাই দিয়াতো বিচাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে৷ শনিবাৰে তেওঁক এয়াৰফ’ৰ্চ ৱান বিমানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, এই বৈঠকত এইবাৰ ৰাছিয়া আৰু ভাৰতৰ আমন্ত্ৰণ জানিব বিচাৰে৷ এইবাৰ জি-৭ শীৰ্ষ বৈঠকৰ আহ্বায়ক দেশ হ’ল আমেৰিকা৷ কাৰণ ব্যাখ্যা কৰি ট্ৰাম্পে কয়, তেওঁ লক্ষ্য কৰিছে এই জোঁটৰ বৰ্তমান সদস্যসকলক লৈ বৈঠকত বহিলে বিশ্বৰ অৰ্থনৈতিক অৱস্থা কি, তাক সঠিককৈ বুজাব পৰা নাযাব৷ উল্লেখ্য যে ভাৰত আৰু ৰাছিয়াৰ উপৰি জি-৭ বৈঠকলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ কোৰিয়াকো আমন্ত্ৰণ কৰিব বিচাৰিছে বুলি মার্কিন ৰাষ্ট্ৰপতিজনে কয়৷ জুনৰ পাছত কেতিয়া হ’ব জি-৭ বৈঠক? ট্ৰাম্পে কয়, এই বৈঠক অহা ছেপ্টেম্বৰত হোৱাৰ সম্ভাৱনা আছে৷ বৈঠক ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনৰ আগেয়ে হ’ব৷ উল্লেখ্য যে জি-৭ সদস্য ৰাষ্ট্ৰবোৰ হ’ল ব্ৰিটেইন, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, আমেৰিকা৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া ইংগিত মতে এইবাৰ জি-৭ বৈঠক কেম্প ডেভিডত অনুষ্ঠিত হোৱাৰ কথা৷ 

Leave A Reply