Breaking

বিশ্ব হিন্দু মহা সংঘ অসমৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সভা সম্পন্ন

0 115

আমিনগাঁৱৰ সংকট মোচন সেৱা আশ্ৰমত শনিবাৰে বিশ্ব হিন্দু মহা সংঘৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। বিশ্ব হিন্দু মহা সংঘ অসমৰ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী গীতা বৰ্মণ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাষণ দি বিশ্ব হিন্দু মহা সংঘ অসমৰ সভাপতি তথা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে হিন্দু ধৰ্মৰ বিষয়ে বিস্তৃত ব্যাখ্যা কৰাৰ লগতে বেদৰ তত্বৰ ওপৰত সন্মুহনী ভাষণ আগবঢ়ায়।

সত্ৰাধিকাৰ গোস্বামীয়ে বৰ্তমান অসমীয়া হিন্দু লোকৰ প্ৰতি এক ভাবুকি আহিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত অসমীয়া হিন্দু সকলক একত্ৰিত হৈ জাতি ৰক্ষাৰ কামত ব্ৰতী হবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত অসমীয়া হিন্দু যুৱক যুৱতী সকলক আন্দোলনৰ পৰিবৰ্তে নিজকে স্বাৱলম্বী হবলৈ আহ্বান জনায়।

আমাৰ পেটৰ ভাত আমি নিজেই উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সত্ৰাধিকাৰ গৰাকীয়ে বিশেষকৈ অসমীয়া হিন্দু যুৱক যুৱতী সকলক কৃষি কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। আমি সকলোৱে নিজৰ ঘৰৰ পৰাই কাম কৰি নিজকে এজন প্ৰকৃত অসমীয়া হিন্দুৰ পৰিচয় দিবলৈও গোস্বামীয়ে লগতে আহ্বান জনায়। বৰ্তমান ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষি খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিছে।

সেয়ে অসমৰ চৰ চাপৰি অঞ্চলত একোটা গোট গঠন কৰি চৰকাৰৰ ওচৰত আবেদন জনাই ভূমি আবণ্টন লৈ জৈৱিক কৃষি কাৰ্য কৰিবলৈ আহ্বান জনায়। সভাত বিশ্ব হিন্দু মহা সংঘৰ অসমৰ প্ৰচাৰ সম্পাদক নিৰ্মলেশ্বৰ গোস্বামী, সাংগঠনিক সম্পাদিকা নন্দা দেৱী দাস,সংঘৰ গোৱালপাৰা জিলাৰ উপ সভানেত্ৰী পাৰুল দেৱী, কামৰূপ জিলাৰ সভানেত্ৰী গীতা বৰ্মণ দাস, সংঘৰ সদস্য অপু গোস্বামীৰ লগতে কেইবাজনো বক্তাই সংঘৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত গীতা বৰ্মণ দাসক সভানেত্ৰী,লৱ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ এখন বিশ্ব হিন্দু মহা সংঘৰ নতুন সমিতি গঠন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় নন্দা দেৱী দাসে।

Leave A Reply