Breaking

১০ ছেপ্টেম্বৰত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাৰত ভ্ৰমণ

0 1,306

অনলাইন বাৰ্তা : ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিয়ে অহা ১০ ছেপ্টেম্বৰত আম্বালাত ভাৰতীয় বায়ুসেনাই ৰাফেল জেট আৱেশ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণ কালত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষীয় হোৱাৰ উপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষা উপদেষ্টা। অজিত দোভেলক সাক্ষাৎ কৰিব ৷ উল্লেখ্য যে ভাৰতে প্ৰথম বেটচৰ পাঁচখন ৰাফেল যুঁজাৰু বিমান জুলাই মাহত পাইছিল ৷ পাৰ্লিৰ সৈতে এখন বিশেষ বিমানত বিশাল প্ৰতিৰক্ষাৰ কৰ্মকৰ্তা আৰু এটা প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু সম্পূৰ্ণ দিনটো ব্যস্ত থাকিব ৷ উল্লেখ্য যি ফ্ৰান্সত ব্যাপকভাৱে হোৱা ক’ভিডৰ পাচত এয়াই দেশখনৰ মন্ত্ৰীয়ে প্ৰথম বিদিশ ভ্ৰমণ হ’ব ৷ তদুপৰি চীনৰ আগ্ৰাসনৰ পাচত ভাৰতলৈ প্ৰথম উচ্চ পৰ্যায়ৰ ব্যক্তিৰ প্ৰথম ভ্ৰমণ ৷ স্মৰ্তৱ্য যে গালৱানত ২০ জন ভাৰতীয় সেনাৰ মৃত্যুৰ পাচত পাৰ্লেয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীলৈ শোক প্ৰস্তাৱ প্ৰেৰণ কৰি পত্ৰ লিখিছিল ৷

Leave A Reply