Breaking

কভিড ১৯ লকডাউনত বিপদগ্ৰস্ত সংবাদ-কৰ্মী আৰু শিল্পীলৈ স্বেচ্ছাসেৱী সংস্থা ” প্ৰৱাহ” ৰ সহায়ৰ হাত ।

0 50

দিলীপ হাজৰিকা : নাজিৰা

 ৰাজ্যজুৰি অসমীয়া বাতৰি কাকত আৰু বাতৰি চেনেল সমূহৰ ক্ষেত্ৰ সংবাদকৰ্মী সকলে লকডাউনৰ সময়ত ভোগি অহা সংকটক একাংশ লোকে লক্ষ্য কৰি অহাৰ লগতে দায়ৱদ্ধতাৰে কাষত থিয় হোৱাৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । কৰ’না সম্পৰ্কীয় বাতৰি সংগ্ৰহৰ বেলিকা নিতৌ নিজ স্বাস্থ্যৰ প্ৰতি ভাবুকিতো স্তব্ধ নোহোৱা সংবাদ কৰ্মী সকলৰ ভূমিকাক প্ৰশাসন যন্ত্ৰ, আৰক্ষী বাহিনীয়ে স্বীকাৰ কৰি আহিছে । দৰিদ্ৰ জনগণৰ কাষত থিয় দিবলৈ দৌৰি ফুৰা সংবাদ কৰ্মীয়ে সমস্যাৰ সমাধানৰ যোগসূত্ৰ সাধন কৰি প্ৰশাসনকো সষ্টম কৰি তোলাৰ বাবে অহৰহ সক্ৰিয় হৈ থকাৰ বাবে  নিজ পৰিয়ালৰ মাজতো বিৰাজ কৰিছে দৈন্যতাই । ২৯ মে’ত নাজিৰা ইনড’ৰ ষ্টেডিয়ামত স্বেচ্ছাসেৱী সংগঠন “প্ৰৱাহ”ৰ তৰফৰপৰা এক নাতিদীৰ্ঘ অনুষ্ঠানত বিধায়ক দেৱব্ৰত শইকীয়াৰ  তত্বাৱধানত উদ্যোক্তা সকলে খাদ্য সামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ একোটিকৈ টোপোলা আগবঢ়ায়  । অনুষ্ঠানত “প্ৰৱাহ”ৰ উদ্যোগক শলাগ লৈ নাজিৰা প্ৰেছ ক্লাৱৰ সভাপতি বুলু চেতিয়াই নাজিৰাৰ উপান্ত হৈ পৰা শিল্পী সকলকো অনুৰূপ সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । নাজিৰা জিলা সাংবাদিক সংস্থাৰ সম্পাদক অনন্ত কলিতাই সাংবাদিক সকলে জেপৰ ধন ভাঙি বাতৰি সংগ্ৰহ কৰি প্ৰকাশৰ বাবে যোগান ধৰি অহা প্ৰক্ৰিয়াত বাতৰি প্ৰকাশন গোষ্ঠী সমূহৰ পৰা প্ৰাপ্য ন্যূন্যতম পাৰিতোষিক কেইটাৰো নিয়মীয়া নোহোৱাৰ কথা উল্লেখ কৰে । এনে পৰিস্থিতিত কৰোনাৰ বাতৰিৰ বাবে তৎপৰ হোৱা সংবাদসেৱী সকলৰ ভূমিকাক শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰৱাহ আৰু ইয়াৰ তত্ত্বাৱধায়ক দেৱব্ৰত শইকীয়াৰ শলাগ লয়  । সত্ৰীয়া নৃত্যশিল্পী ৰেখা বৰুৱাই চমু দুৱাষাৰ কয় । শইকীয়াৰ পত্নী বন্দনা শইকীয়াসহ “প্ৰৱাহ”ৰ কৰ্মকৰ্তা ক্ৰমে গজেন শৰ্মা, প্ৰশান্ত বৰঠাকুৰ, কৃষ্ণ কান্ত গগৈ, আৰফান আজম, যিচুৱা কন্যাক, বিনোদ সন্দিকৈ আদিয়ে বিতৰণ প্ৰক্ৰিয়া পৰিচালনা কৰে । একাংশ শিল্পীক ঘৰে ঘৰে গৈ সঁহাৰি যোগোৱা প্ৰৱাহে মুঠ পঞ্চল্লিশ জনক আজিৰ কাৰ্য্যসূচীত সামৰি লয় ।

Leave A Reply