Breaking

অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭৮.২৫ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭ শতাংশঃ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য…

0 19

চলিত লোকসভা নিৰ্বাচন ২০২৪ ত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৮৮ টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ৬৬.১৪% আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১% ভোটদান হৈছে। নিৰ্বাচন আয়োগে মঙলবাৰে এই শেহতীয়া তথ্য প্ৰকাশ কৰে।

আয়োগে প্ৰকাশ কৰা মতে প্ৰপত্ৰ ১৭চিৰ জৰিয়তে ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা আইটি প্ৰণালীত আপডেট কৰা অনুসৰি ভোটাৰ টাৰ্ণআউট এপত সমষ্টি অনুসৰি তথ্য নিয়মীয়াকৈ আপডেট কৰা হৈছে।

সকলো প্ৰাৰ্থীক এটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে প্ৰপত্ৰ ১৭চিৰ প্ৰতিলিপিও প্ৰদান কৰা হৈছে। ডাক বেলট গণনা মুঠ ভোট গণনাত সংযোজন হ’ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৭৮.২৫ আৰু দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭ শতাংশ।

Leave A Reply