Breaking

কুলশী নদীৰ গৰাখহনীয়াত জলাহৰ হেমচন্দ্ৰ ডেকাৰ বাসভৱন বিপদাপন্ন

0 66

ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত জলাহ গাঁও নিবাসী হেমচন্দ্ৰ ডেকাৰ ঘৰ ভেঁটি,বস্তি কুলশী নদীৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে।নৈপৰীয়া মানুহঘৰে জনোৱা মতে বহু বছৰ ধৰি বানপানী আহিছে গৈছে যদিও এইবাৰৰ দৰে কুলশীয়ে কালান্তক ৰূপ ধাৰণ কৰি ভয়ানক পৰিস্থিতিৰ সন্মুখীন কৰা নাছিল।খেতিয়ক হেমচন্দ্ৰ ডেকাই উপায়হীন হৈ দুখ যন্ত্ৰণাকো নেওচি যোৱা সোমবাৰে পুত্ৰৰ সৈতে নিশা গছ কাটি বগৰাই নদীত পেলাই দি পানীৰ সোঁত কমাব বিচাৰিছিল যদিও ফলৱতী নহ’ল। আজি পুৱাৰে পৰা হাজিৰা মিস্ত্ৰী লগাই মূল ঘৰৰ কাঠ বাটাম টিনপাত ,বাঁহৰ বেৰা খহাবলগীয়া হৈছে।

সামাজিক মাধ্যমযোগে হেমচন্দ্ৰ ডেকাৰ পুত্ৰ সাহিত্য ,সাংবাদিকতা অনুৰাগী যুৱক চিন্ময় ডেকাই জনপ্ৰতিনিধিৰ কাণ চুৱাইছে যদিও কোনেও খা খবৰ কৰা নাই।ওদালগুৰি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি নীলয় চলিহা ,টংলা অঞ্চলিকৰ সম্পাদক জিতু ডেকা ,কৰ্মী জিতু পাঠক ,উমেশ ডেকাই আজি পৰিয়ালটোৰ দুখ -দুৰ্দশা বুজ লৈ চৰকাৰ প্ৰকাশন যন্ত্ৰক অতি শীঘ্ৰে সুব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়।আনহাতে ওদালগুৰি জিলা আপকু’ৰ তৰফৰ পৰাও পৰিয়ালটোৰ দুৰ্দিনত থিয় হৈ প্ৰকাশনযন্ত্ৰ ,দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পানেৰী বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো জলাহ ,পলাহগড়,চাতিয়াপাৰা গাঁৱৰ ৰাইজে গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply