Breaking

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল ৷

0 851

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছৰ উৎস সন্ধানত অহা সপ্তাহত চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ তদন্তকাৰী দল। চীনৰ প্ৰতি পক্ষপতিত্বৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণ অতি গুৰুত্বপূর্ণ৷ যোৱা জানুৱাৰী মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আধানম ঘেব্ৰিৱাছুছে আন্তৰ্জাতিক মঞ্চৰ উদ্বেগৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি জনায় যে চীনলৈ দ্ৰুত তদন্তকাৰী দল পঠোৱাৰ সন্দৰ্ভত বেইজিঙৰ লগত তেওঁৰ আলোচনা হৈছে৷ সেয়ে দ্ৰুত দল পঠোৱাৰ কথা কৈছে৷ তদন্তত ইমান দিন লাগিল কিয়, তাক লৈ প্ৰশ্ন সন্মুখীন হৈছে ঘেব্ৰিৱাছুছ ৷ সংবাদ প্ৰতিষ্ঠানৰ মতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান গৱেষক ড° সৌম্যা স্বামীনাথনে জনায় যে ক’ৰোনা ভাইৰাছৰ উৎস বিচাৰিবলৈ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন৷ তেওঁ কয়, তদন্তৰ খাতিৰত আমি ডিচেম্বৰ মাহত পুনৰ যাব লগা হ’ব৷ আমি চাম কি দৰে আৰু ক’ৰ পৰা জন্তুৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰিলে ভাইৰাছটো৷ নিপাৰ দৰে আন ভাইৰাছ বাদুলিয়ে বিয়পায়৷ এই ক্ষেত্ৰত কি হৈছে সেয়া চোৱা যাব৷ তাৎপর্যপূর্ণভাৱে ড° সৌম্যা স্বামীনাথনে জনায় যে যোৱা ৩১ ডিচেম্বৰত উহান চহৰত নিউমোনিয়াৰ একাধিক ৰোগী পোহৰলৈ আহে৷ চীনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ত বিষয়টো ১ জানুৱাৰীত জনায়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি পাবৰ বাবে আদা, জলকীয়া খোৱাই চেষ্টা কৰিছিল বিজ্ঞানীয়ে৷ বিভিন্ন প্ৰান্তত চলিছে গৱেষণা, পৰীক্ষা-নিৰীক্ষা। একাধিক ঔষধৰ পৰীক্ষা আৰম্ভ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অধিক আশাৰ খবৰ শুনাব ৷

Leave A Reply