Breaking

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ঈশান কিষাণ বা কে এছ ভাৰত, কোনে পাব সুযোগ…

0 48

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ঈশান কিষাণ বা কে এছ ভাৰত, কোনে পাব সুযোগ? বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণৰ চূড়ান্ত খেলখন আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। লণ্ডনৰ কেনিংটন অ’ভেলত বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখনিৰ। টিম ইণ্ডিয়াই দ্বিতীয়বাৰৰ বাবে ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে খিতাপ মেচত স্থান লাভ কৰিছে।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ বাবে একাদশ খেলাৰ নিৰ্বাচন একেবাৰেই সহজ হ’ব নোৱাৰে। দলৰ উইকেটৰক্ষক কোন হ’ব? উমেশ যাদৱ আৰু জয়দেৱ উনাদকত কোনে সুযোগ পাব? দলটো ২ জন স্পিনাৰ লৈ যাবনে? কেপ্তেইন ৰোহিতে এনে বহু প্ৰশ্নৰ উত্তৰ দিব লগা হৈছে। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে ইংগিত দিছে যে জোছ হেজলউডৰ ঠাইত স্কট ব’লেণ্ডে চূড়ান্ত মেচত সুযোগ পাব পাৰে ।

অষ্ট্ৰেলিয়াৰ সম্ভাৱ্য খেলা একাদশ – ডেভিড ৱাৰ্নাৰ, উছমান খোৱাজা, মাৰ্নাছ লাবুশ্বাগনে, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, কেমেৰন গ্ৰীণ, এলেক্স কেৰী (উইকেটকীপাৰ), মিচেল ষ্টাৰক, পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড আৰু নাথান লায়ন।

ভাৰতৰ সম্ভাৱ্য খেলা একাদশ – ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, অজিংক্য ৰাহানে, ৰবীন্দ্ৰ জাদেজা, কে এছ ভাৰত (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, শাৰদুল ঠাকুৰ, মহম্মদ শামী আৰু মহম্মদ চিৰাজ।

Leave A Reply