Breaking

লামডিঙৰ আইছ’লেছন ৱাৰ্ডৰ পৰা যুৱকৰ পলায়ন

0 68

লংকা

 লামডিং ৰে’লৱে  চিকিৎসালৰ পৰা কোৱাৰেণ্টাইনত থকা এজন যুৱক পলায়ন কৰা ঘটনাই সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  এই ঘটনাৰ পিছত হোজাই জিলা প্ৰশাসনৰ তৎপৰতা পৰিলক্ষিত হয়। ঘটনাৰ পিছত লামডিঙত উপস্থিত হয় হোজাই জিলাৰ উপায়ুক্ত চানদেক সিং লগতে অতিৰিক্ত উপায়ক্ত গৰ্গ মোহন দাস৷  লামডিঙত উপস্থিত হৈ হোজাই জিলা উপায়ুক্ত গৰাকীয়ে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে লামডিঙত বহু যাত্ৰীক কোৱাৰেণ্টাইন কৰি ৰখা বিভিন্ন হোটেল পৰিদৰ্শন কৰে। উল্লেখ যে বহিঃৰাজ্যৰ পৰা অহা লামডিঙৰ ৰে’ল যাত্ৰীসকলক বিভিন্ন হোটেলত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে।  উল্ললেখ্য যে যোৱা ১৬ মে’ তাৰিখে দিল্লী-ডিব্ৰুগড় ০২৪২৪ নম্বৰ ৰেলখন পুৱতি নিশা লামডিঙত উপস্থিত হোৱাৰ পিছত ৰে’লখনত যাত্ৰী হিচাপে অহা বাসুদেৱ দেবনাথ নামৰ ২০ বছৰীয়া যুবকজনৰ দেহত তীব্ৰ জ্বৰৰ লক্ষণ প্ৰমাণিত হোৱাত লগে লগে যুবকজনক লামডিঙত নমাই দিয়া হৈছিল। প্ৰকৃততে যুবকজনৰ গত্যম্বস্হান আছিল আগৰতলা।  লামডিঙত নমোৱাৰ  পিছত যুৱকজনক লামডিং ৰে’লৱে চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল। কিন্তু সোমবাৰে পুৱা আইছ’লেছন ৱাৰ্ডৰ পৰা যুৱকজনে  পলায়ন কৰে। পলায়ন কৰাৰ পিছতে হুৱাদুৱা লাগে ৱাৰ্ডটোত। লামডিং ৰে’লৱে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ চৰম গাফিলতি বাবেই এনে ঘটনা সংঘটিত হ’ল বুলি অভিযোগ উঠিছে। লামডিং ৰে’লৱে চিকিৎসালয়ৰ পৰা কোৱাৰেণ্টাইন হৈ থকা এই আগৰতলাৰ যুৱকজন  পলায়ন কৰাৰ ঘটনাৰ পিছত  সমগ্ৰ লামডিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে। চিন্তিত হৈ পৰিছে হোজাই জিলা প্ৰশাসনও। উপায়ুক্ত গৰাকীয়ে সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ আনফালে  ছিকিউৰিটি তথা  চিকিৎসালৰ কৰ্তৃৃপক্ষৰ  কটকটীয়া নিৰাপত্তা নোহোৱাৰ  বাবে এই ঘটনা সংঘটিত হয় বুলি জনায়৷ লামডিং বজাৰত অৱস্থিত হোটেল  অনিকা, হোটেল প্ৰিন্স ,হোটেল গ্লোবেল, হোটেল নিকিটা আৰু হোটেল দত্ত ভৱনত ৰখা হৈছে ৰে’লৰ পৰা নমা যাত্ৰীসকলক ৷ কিন্তু একাংশ  লোক  হোটেলৰ পৰা বজাৰলৈ উলাই  অহাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ লামডিঙ আৰক্ষীক  অৱগত কৰে যদিও কোনো গুৰুত্ব  প্ৰদান নকৰে ৷ হোটেল অনিকাৰ ১১ নম্বৰ, হোটেল প্ৰিন্স ১৭ নম্বৰ, হোটেল গ্লোবেলত ৭ নম্বৰ, হোটেল দত্ত ভৱন ৭ নম্বৰ আৰু হোটেল নিকিটা ৮ নম্বৰত থকা সকলো লোকৰে ছুৱেব সংগ্ৰহ কৰা হৈছে লগতে প্ৰতিখন হোটেলত এজন এজনকৈ আৰক্ষীক নিয়োজিত  কৰা হৈছে বুলি জনায় উপায়ু্ক্ত গৰাকীয়ে৷

Leave A Reply