Breaking

ন-দিহিং নৈ বাঢ়নী পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

0 190

ডিৰাক সীমান্ত

অসমৰ একেবাৰে পূৱ প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং৷ চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শ্ৰমদানেৰে নিৰ্মাণ কৰিছে উলিয়াইছে সীমান্ত টেঙাপানী গাঁও সংযোগী এই দলংখন ৷ ১৯৯২ চনত অহা এক প্ৰলয়ংকাৰী বানে সীমান্ত টেঙাপানী গাঁৱক বিচ্ছিন্ন কৰি দিছিল অসম সংস্পৰ্শ ভূখণ্ডৰ পৰা৷ তেতিয়াৰে পৰা চামিল হৈ পৰিছিল অৰুণাচলৰ ভূখণ্ডৰ সৈতে৷ কিন্তু সকলো কামকাজ অসম সৈতে, ভোটাধিকাৰো অসমতে৷ সেই ফলস্বৰূপে তেওঁলোকে নাপাই অৰুণাচল চৰকাৰৰ পৰাও কোনোধৰণৰ সা-সুবিধা। ক্ৰমে অৱহেলিত হৈ পৰিল অসম চৰকাৰৰ পৰাও৷ দিনক দিনে গাঁওখনে চৰকাৰৰ সা-সুবিধা, পঞ্চায়তি সুবিধা আদিৰ পৰা বঞ্চিত হ’বলৈ ধৰিলে৷ বৰ্তমান ১০৩ টা ঘৰ থকা এই গাঁৱৰ জনসংখ্যা ৭৪৯ জন ভোটাৰৰ সংখ্যা ২৮৩ জন৷ কিন্তু বিগত ২৯ বছৰে ইয়াৰ জনসাধাৰণে বিপদ সংকুলভাবে যাতায়াত কৰি আহিছে টুলোঙা নাৱেৰে৷ প্ৰতি বছৰে ভৰ বাৰিষা বহুদিনৰ ধৰি গাঁওখন  সংযোগ বিচ্ছিন্ন হৈ পৰে বহিঃজগতৰ লগত৷ কিন্তু কাণ সাৰ নাই চৰকাৰৰ৷ অৱশেষত ১নং সৰুডিৰাক গাঁৱৰ এজন সচেতন যুৱক বুলবুল মাউটৰ পৰিকল্পনাত এই খৰশ্ৰুতা নদীখনৰ উপৰত ৰাইজে এখন দলং নিৰ্মাণৰ সপোন দেখিলে৷ এক সহমতত উপনিত হৈ গঞা ৰাইজৰ শ্ৰম আৰু দান বৰঙণিৰে নিৰ্মান কৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাছত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে নিজে আহি উদ্বোধন কৰাৰ কথা আছিল যদিও মুৰকত শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া হৈ নুঠিল৷ দলঙখন কেইবাদিনো ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণত নৈ উপনৈৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি পোৱাত ন দিহিং নৈৰ ওপৰত কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা সীমান্তৰ টেঙাপানী গাঁও সংযোগী “জুবিন গাৰ্গ” সেতুখন পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে। সীমান্তৰ টেঙাপানীবাসীৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মিত সেতুখন আছিল গাঁৱবাসীৰ আশাৰ সেতু। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা সেতুখন পানীৰ সোঁতত উটি যোৱাত গাঁওখনৰ সৈতে সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে৷ স্থানীয় ৰাইজে বাৰিষাৰ সময়ত টেঙাপানীৰ বাবে দেখা দিয়া এই সমস্যা সমাধানৰ বাবে পথসমূহ উন্নয়নৰ লগতে বিজ্ঞানসন্মতভাৱে এখন দলং নিৰ্মাণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। স্মৰ্তব্য যে লকডাউনৰ গইনা লৈ চলিত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে অসমৰ প্ৰশাসন, গাঁওবাসীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ অৰুণাচল আৰক্ষীয়ে গুণ্ডাবাহিনী লগত লৈ অসমৰ মাটিত আহি দলঙখন এটা অংশ কাটি নদীত উটুৱাই দিছিল। ৰাইজৰ হেঁচাত আৰু অসম চৰকাৰৰ হস্তক্ষেপত অৰুণাচল চৰকাৰে লকডাউন খোলাৰ পিচত সেতুখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া বানে উটুৱাই নিয়াৰ সুবিধা বুজি অৰুণাচল প্ৰশাসনে  দলঙখন নিৰ্মাণ কৰি দিবনে সেয়াহে এক ডাঙৰ প্ৰশ্ন৷

Leave A Reply