Breaking

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্পূৰ্ণ নিয়ন্ত্ৰিত, শেহতীয়া নতুন ৰোগীৰ সংখ্যা…

0 65

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত। দিনক দিনে নতুনকৈ আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। কেন্দ্ৰীয় চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শেহতীয়াকৈ দেশত ২১৫ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অৱশ্যে যোৱা দুবছৰৰ ভিতৰত এয়া এক দিনত নতুনকৈ ক’ভিড পঞ্জীয়ন হোৱা সৰ্বনিম্ন সংখ্যা। ২০২০ চনৰ এপ্ৰিলৰ পিছত এইবাৰ ইমান কম সংখ্যক ক’ভিড পঞ্জীয়ন হৈছে।

শেহতীয়া কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দেশত ৪,৪৬,৭২,০৬৮জন হৈছেগৈ। এই পৰ্যন্ত ৪,৪১,৩৬,৪৭১জন লোক ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। বৰ্তমান দেশত ৪,৯৮২ জন সক্ৰিয় ৰোগী আছে। যোৱা ২৪ ঘন্টাত ক’ৰোনা ভাইৰাছৰ বাবে এজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি মুঠ মৃত্যুৰ সংখ্যা ৫,৩০,৬১৫জন হৈছেগৈ।

স্বাস্থ্য বিভাগে জনোৱা মতে, মুঠ ৰোগীৰ ০.০১ শতাংশ সক্ৰিয়, আৰোগ্যৰ হাৰ ৯৮.৮০ শতাংশ, আৰু মৃত্যুৰ হাৰ ১.১৯ শতাংশ। প্ৰকাশ পাইছে যে সমগ্ৰ দেশতে এই পৰ্যন্ত ২১৯.৯১ কোটি কোৰোনা ভেকচিনৰ ড’জ বিতৰণ কৰা হৈছে।

Leave A Reply