Breaking

বাঁহ গাজৰ মাজত লুকাই আছে বহু উপকাৰি গুণ…

0 3,483

মেদবহুলতা কমোৱাত সহায়ক ১০০গ্ৰাম বাঁহগাজত থাকে ৮ গ্ৰাম ডায়েটেৰী ফাইবাৰ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয়৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয়৷

ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা: বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷

কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা: গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে৷

শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক: বাঁহ-গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয়৷

  • পাকপ্ৰণালীৰ উপকাৰিতা: ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায়৷ পিত্তৰ বিষৰ উপশম ঘটায়৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে৷
  • মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী৷
  • নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে৷
  • এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে।

  • বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া– মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
  • বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী৷
Leave A Reply