Breaking

মচুৰ দাইলৰ আছে বহু ঔষধি গুণ

0 4,057

মচুৰ দাইলত এনে কি গুণ আছে জানো আহক–

(১) গৱেষণাৰ পৰা গম পোৱা গৈছে যে মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা লয়৷ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কমাৰ লগতে ষ্ট্ৰ’কৰ সম্ভাৱনাও কমে৷
(২) মচুৰ দাইলত ফাইবাৰৰ উপৰিও ফলেট, মেগনেচিয়াম পোৱা যায়৷ এইবোৰে হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ ফলত হাৰ্টৰ সমস্যা হোৱাৰ সম্ভাৱনা নোহোৱা হয়৷ উল্লেখ্য যে ফলেটে শৰীৰত হমোছিষ্টেনিনৰ মাত্ৰা কমায়৷


(৩) প্ৰচুৰ পৰিমাণে ফাইবাৰ মচুৰ দাইলত থকা বাবে হজমৰ সহায়ত এচিডৰ ক্ষৰণ বঢ়াই তোলে৷ ফলত বদহজম, গেছৰ সমস্যা আদি কমাই ৰাখে৷
(৪) মচুৰ দাইলত থকা চলেবল ফাইবাৰে ব্লাড ছুগাৰৰ লেভেল নিয়ন্ত্ৰণ ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগত ভোগাৰ সম্ভাৱনা কমে৷
(৫) মচুৰ দাইল খালে আমাৰ শৰীৰে ৪% কেলৰি প্ৰ’টিন হিচাপে গ্ৰহণ কৰে৷ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানৰ ঘাটি দূৰ কৰে৷ সেয়ে শৰীৰটো নানাবিধ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷
(৬) মচুৰ দাইলত থকা কাৰ্বহাইড্ৰেট, প্ৰ’টিন, উপকাৰী খনিজ, ফাইবাৰে বহুসময় ধৰি পেটটো ভৰাই ৰাখে৷ ফলত কিছু সময়ৰ মূৰে মূৰে খোৱাৰ প্ৰৱণতা নাইকিয়া হয়৷ সেয়ে এইবিধ দাইলে শৰীৰৰ ওজন হ্ৰাসত উল্লেখনীয় অৰিহণা যোগায়৷

Leave A Reply