Breaking

কাচকলত আছে বহুতো গুণাগুণ…পঢ়ক

0 1,443

প্ৰায়বোৰ অসমীয়া লোকৰ ঘৰৰ বাৰীত সহজে পোৱা এবিধ কল হৈছে কাচকল বা পুৰাকল। মানুহৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ বাবে কাচকলত থকা নিউট্ৰেচনে কি দৰে সহায় কৰে সেই সম্পৰ্কে চিকিৎসক সকলেও কয়। আজি জানো আহক কাচকলৰ উপকাৰিতা সম্পৰ্কে দুটামান কথা।

১/ কাচকল মানুহৰ হাৰ্টৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টত মাংসপেশী জমা হ’লে হাৰ্টবিট হোৱাত অসুবিধাৰ সৃষ্টি হয়।
কাচকলত যথেষ্ট পৰিমাণে হাই পটেছিয়াম পোৱা যায়। কাচকল খালে মানুহৰ হাৰ্টত থকা মাংসপেশী নিয়ন্ত্ৰণত সহায় হয় ।

২/ কলেষ্ট্ৰলত ভোগা ৰোগীসকলৰ বাবে কাচকল যথেষ্ট উপকাৰী। কাচকলত পটেচিয়াম থকাৰ উপৰিও যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম থাকে। ফাইবাৰ আৰু মেগনেচিয়ামে কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩/ মধুমেহ অৰ্থাৎ ডাইবেটিছ ৰোগীসকলৰ বাবে কাচকল অতি উত্তম ( বা উপকাৰী )। কাচকলত থকা কাৰ্বহাইড্ৰেটে মানুহৰ শৰীৰত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪/ পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। মানুহৰ পেটত ডায়েৰীয়াৰ সমস্যা হ’লে কাচকলত থকা ফাইবাৰ কম্পাউণ্ডে ডায়েৰীয়াৰ পৰা উপশম পোৱাত সহায় কৰে।

৫/ গেষ্ট্ৰিক আলচাৰৰ ৰোগী সকলৰ বাবেও কাচকল উপকাৰী।

৬/ ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা। মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে।

৭/ কাচকলত থকা ভিটামিন চিয়ে/ C এ মানুহৰ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে।

বিঃদ্ৰঃ ওপৰোক্ত লেখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

Leave A Reply