Breaking

এবছুৰ উদ্যোগত চিমেন চাপৰিত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদী সমদল…

0 17

এবছুৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিমেন নদীলৈকে প্ৰায় তিনি কিলোমিটাৰ ধৰি প্ৰতিবাদী কাৰ্যসূচী উলিয়ায়। এবছুৰ সম্পাদক বডোছা ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো,উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক উদাং বি বডোছাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা এবছুৰ কৰ্মী সকলে হাতে হাতে ফেষ্টুন লৈ নিখিল বড়ো ছাত্র সন্থা জিন্দাবাদ, হত্যাকাৰীক ফাঁচী দিয়ক, দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাৰী আৰু কিশোৰী ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক,ভূক্তভোগী পৰিয়ালক উচিত ন্যায় প্ৰদান কৰক, কিশোৰী ধৰ্ষণকাৰী নিপাত যাঁওক,আমাৰ দাবী মানিবই লাগিব,বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতলৈ হস্তান্তৰ কৰক আদি শ্ল’গান আওৰাই দোষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা লখেন বসুমতাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, বড়ো পিপ’ছল কৰ্ডিনেশ্বন কমিটিৰ সমন্বয়ক ধৰ্মেন্দ্ৰ ৰামচিয়াৰী,ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়ো,আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা কল্পনা স্বৰ্গীয়াৰী, চিমেন আঞ্চলিক সমিতিৰ সভানেত্ৰী নমিতা খেৰকটাৰী,এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰী,ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ, স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকলৰ লগতে বড়ো জাতীয় সংগঠনৰ শতাধিক  নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োয়ে কয়  যোৱা ৩ মে’ত দুধনৈত অনুষ্ঠিত কৰা ৰংজালি বৈসাগু উৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি  দুজনী কিশোৰী ঘৰলৈ আহি থকা অৱস্থাত দুধনৈৰ টাঙাবাৰীত ধন আলি তালুকদাৰ, বাহাৰ আলি আৰু ৰহমান আলিয়ে ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ যায়।

ঘটনা সম্পৰ্কে কিশোৰী কেইগৰাকীৰ পৰিয়ালে ৫ মে’ত দুধনৈ থানত এজাহাৰ দাখিল কৰে। এগৰাকী ধৰ্ষিতা কিশোৰী দুধনৈৰ ভালাপাৰা গাঁৱৰ হোৱা হেতুকে গাঁৱখনৰ এটা যুৱকৰ দলে ৫ মে’ তাৰিখে ধন আলি তালুকদাৰক বিচাৰি টাঙাবাৰীত উপস্থিত হোৱা সময়তে ধন আলি তালুকদাৰৰ পৰিয়াল আৰু গাঁৱখনৰ একাংশ লোকে হিৰন্ময় খাকলাৰী, ককায়েক অমিয় খাকলাৰী, নৰেন্দ্ৰ খাকলাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ঘটনাটোত হিৰন্ময় খাকলাৰীৰ অৱস্থা গুৰুতৰ হোৱা বাবে গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰাই যদিও ১৭ মে’ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয় যুৱক গৰাকীয়ে।ইতিমধ্যে কিশোৰী ধৰ্ষণকাৰী আৰু হিৰন্ময় খাকলাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধী কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আইনৰ সুৰুঙাৰে যাতে দোষীয়ে হাৰি নাযায় তাৰবাবে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়াভাৱে ফাষ্ট ট্ৰেক আদালতত চলাবলৈ এবছুয়ে দাবী জনাই দোষীক কঠোৰৰ পৰা কঠোৰতত শাস্তি প্ৰদানৰ লগতে হিৰন্ময় পৰিয়ালক ২০ লাখ টকা আৰু ধৰ্ষিতা কিশোৰীৰ পৰিয়ালক ৫ লাখ টকা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।

Leave A Reply