Breaking

ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে ৰোগ নিয়ন্ত্ৰণত থাকে…

0 554

কলৰ ঔষধি গুণ

  • পকা কলৰ লগত জিৰা গুৰি মিহলি কৰি খালে পুৰণি গ্ৰহণী ৰোগ নিৰাময় হয়।
  • দুটা পকা কল এপোৱা গাখীৰ আৰু বিশুদ্ধ মৌ এচামুচ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়।
  • ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে ৰোগ নিয়ন্ত্ৰণত থাকে।
  • পকা কল, ঘেঁহুৰ আটাৰ লগত মিহলাই পানীৰ লগত পিটিকি পাত্ৰ এটাত লৈ জুইৰ ওপৰত তুলি গৰম কৰি থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত লেপ দি বান্ধি থ’লে সোনকালে জামৰে।

  • জুই বা অন্য গৰম বস্তুৱে পুৰিলে পকা কল ফেনেকি পোৰা অংশত লেপ দি বান্ধি থলে জ্বলা পোৰা কম হয় আৰু জোলা নেবান্ধে।
  • কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধাকাপ পৰিমাণত উলিয়াই এসপ্তাহ নিয়মীয়াকৈ পুৱা খালী পেটত খালে ছোৱালী বা মহিলাৰ মাহেকীয়া অৱৰোধ দূৰ হয়।
  • সঘনাই নাকেৰে তেজ ওলালে বা সঘনাই এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি একেৰাহে কেইদিনমান খালে এৱাঁ ভগা ৰোগ ভাল হয়।

  • পেটত কৃমি বা সৰু পেলুৰ সংখ্যা বাঢ়ি গ’লে কাচকল বা পোৰাকলৰ পাচলি আহাৰৰ লগত একেৰাহে এসপ্তাহ খালে কৃমি নিজে নিজে মৰি মলৰ লগত ওলাই যায়।
  • পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে পকা কল দৈৰ লগত ফেনেকি তাত সামান্য কেশৰ মিহলাই খালে পায়খানা বন্ধ হয়।
Leave A Reply