Breaking

পাচনতন্ত্ৰৰ বাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী…

0 17

কৰদৈ টেঙাৰ উপকাৰিতা :-

১। পাচনতন্ত্ৰৰবাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী । অভোক , অৰুচি,বদহজম ,কৌষ্ঠকাঠিন্য আদি দুৰ কৰাৰ লগতে বৃহদন্ত্ৰ পৰিস্কাৰ কৰে আৰু পেটৰ অলাগিয়াল পদাৰ্থ দুৰ কৰে ।

২। _দেহৰ ওজনহ্ৰাস কৰাবলৈ কৰদৈ টেঙা মহা ফলপ্ৰদ ফল । (অন্য ৰোগ থাকিলে চিকিত্সকক সুধি খাব ।) যিসকলৰ বাৰে বাৰে খোৱাৰ ৰুচি থাকে সেইটো উপসম হয় ।

৩। কৰদৈ টেঙাত থকা পৌষ্টিক গুণাগুণসমুহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । দেহৰ ক্লান্তি দুৰ কৰে ।

৪। উচ্চৰক্তাচ্চাপ , কোলেষ্ট্ৰলবৃদ্ধি তথা ডায়েবটিচ_ৰোগ নিয়ন্ত্ৰণ কৰে । (চিকিত্সকক সুধি খাব)

৫। হৃদয়ৰোগআৰু কৰ্কট ৰোগৰ বাবে কম মাত্ৰাত কৰদৈ টেঙা খোৱাটো উপকাৰী ।

৬। শ্বাসজনীত যিকোনো ৰোগত কৰদৈ হিতকাৰী

৭। অধিক মাত্ৰাত কেলচিয়াম থকাৰ বাবে হাড়,দাঁত বা কেলচিয়ামৰ অভাৱত হব পৰা বিভিন্ন ৰোগৰ বাবে কৰদৈ উপকাৰী ।

৮। গাৰ_ছাল মসৃন আৰু ৰোগমুক্ত কৰে ।

৯। খৰখজুৱতি হলে কৰদৈৰ পাত আৰু কুমলীয়া দাল মিহিকৈ থেতেলাই প্ৰলেপ লগালে উপসম হয় ।

১০। সপ্তাহত এবাৰকৈ কৰদৈ আৰু নেমুৰসত জলফাইতেল (oliv oil) বা বাদাম তেল মিহলাই মুৰত ঘহি আধাঘন্টা পিচত ধুই পেলালে চুলি_নিমজ আৰু উফি আদিৰ পৰা ৰোগমুক্ত হয় ।

১১। মাতৃদুগ্ধ কমি গলে কৰদৈ টেঙাৰ তৰকাৰি বা পকা ফল ফলদায়ক।

Leave A Reply