Breaking

কৃষিমন্ত্ৰীৰ গৃহ জিলাত পি এম কৃষাণৰ তালিকাত ব্যাপক বিসংগতি : প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ৰাজনৈতিক নেতা পালিনেতাইহে পাইছে আঁচনিৰ ধন

0 254

মুৰফুলনী

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দেখা গৈছে ব্যাপক  বিসংগতি। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এতিয়া ক্ষোভ উজাৰিছে কৃষক তথা স্থানীয় দল-সংগঠনে৷ জিলাখনৰ বহু প্ৰান্তত এতিয়া ব্যাপক চৰ্চা চলিছে হিতাধিকাৰীৰ তালিকাক লৈ৷ ঘোচখোৰ আৰু নিলাজ একাংশ লোকৰ বাবে গোলাঘাট জিলাৰ প্ৰায়বোৰ গাঁও পঞ্চায়তত একে নিশাতেই সৃষ্টি হৈছে বহু কৃষক। জিলাখনৰ বহু পঞ্চায়তত একাংশ পঞ্চায়ত প্ৰতিনিধি, নেতা-পালিনেতাৰ আশীৰ্বাদত অঙহী-বঙহী হৈছেগৈ কৃষক৷ বাদ পৰিল সঁচা চহা খেতিয়ক৷ জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ঢেকিয়াল আৰু দক্ষিণ গুৰযোগনীয়া গাঁও পঞ্চায়তটো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বৃহৎ কেলেংকাৰী প্ৰকৃত হিতাধিকাৰী বঞ্চিত এই আচঁ‌নিৰ পৰা৷ একাংশ চৰকাৰী পক্ষীয় নেতা, পালিনেতা, চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ লগতে একে পৰিয়ালৰ চাৰি পাঁচজনকৈ লোকে লাভ কৰা পৰিলক্ষিত সাহায্য। ঢেকিয়াল পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যগৰাকীয়েও এই সাহায্য পোৱাক লৈও বহু লোকে আঙুলি তুলিছে৷ কিয়নো তেওঁৰ স্বামী এজন উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰিয়াল৷ লগতে একেজন ব্যক্তি নামত চাৰি পাঁচটা একাউণ্টত এই সাহায্যনিধিৰ টকা সোমোৱা দেখা গৈছে। আনফালে জিলাখনৰ ৰংবং পঞ্চায়তত এই আঁচনিৰ অধীনত বহু কৃষক বঞ্চিত হোৱাৰ লগতে একে পৰিয়ালৰ পাঁচজন পৰ্যন্ত  সদস্যই লাভ কৰিছে এই ধন। আনহাতে বহু কৃষকক ধন দিয়াৰ প্ৰলোভন দি এজনে এশ টকাকৈ সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে। এশ টকা দিও বহুজনে নাপালে ধন। তদুপৰি চাকৰি কৰা আৰু ধনী লোকৰ পৰিয়ালৰ সদস্যইও এই ধন লাভ কৰিছে বুলি অভিযোগ কৰিছে। ইফালে একাংশ ৰাজনৈতিক নেতাৰ অহেতুক হস্তক্ষেপত প্ৰস্তুত হোৱাৰ অভিযোগো উত্থাপিত হৈছে হিতাধিকাৰীৰ তালিকা৷ যাৰ বাবে প্ৰকৃত কৃষকৰ সলনি হিতাধিকাৰী তালিকাত স্থান পাইছে কৃষিভূমি নথকা তথা বহুতো ভূৱা কৃষকে৷ আনফালে মুৰফুলনীৰ ফুলবাৰী পঞ্চায়তৰ এগৰাকী আদৰ্শ খেতিয়কে নাপালে আঁচনিৰ ধন৷ ৰজাঘৰীয়াই দিয়া আদৰ্শ খেতিয়কৰ মানপত্ৰখন সযতনে বেৰত উলোমাই ৰাখিছে ব্যক্তিজনে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনিত বহুবাৰ আবেদন জনাইছিল৷ কিন্তু নাপালে সেই আঁচনিৰ ধন৷ আদৰ্শ খেতিয়কৰ পৰিৱৰ্তে কিন্তু  মুৰফুলনী পঞ্চায়তৰ পঞ্চায়ত সভাপতিৰ ঘৰতেই তিনিজনে পালে আঁচনিৰ ধন৷ মুৰফুলনী পঞ্চায়তৰ সভাপতিয়ে নিজে কৃষক সন্মান নিধি আঁচনিৰ ধন লোৱাৰ উপৰি নিজ পত্নীৰ নামটো ল’লে ধন। এনেদৰে এতিয়া বিশেষ ৰাজনৈতিক দলৰ আশীৰ্বাদপুষ্ট একাংশ ৰাজনৈতিক কৰ্মীয়ে পাইছে ধন৷ ভূৱা কৃষকৰ নাম হিতাধিকাৰী তালিকাত দেখি চকু কপালত উঠিছে ৰাইজৰ৷ জিলাখনৰ এই পঞ্চায়ত কেইখন এক উদাহৰণ মাত্ৰ৷ এই অনিয়ম এতিয়া জিলাখনৰ প্ৰায়বোৰ গাঁও পঞ্চায়ততেই সংঘটিত হৈছে। আছু, গোর্খা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনে সমগ্র বিষয়টোৰ এক উচ্চস্তৰীয় তদন্তৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ উপৰি বঞ্চিত প্ৰকৃত চহা কৃষকসকলক এই আঁচনিৰ সুবিধা প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে৷

Leave A Reply