Breaking

অন্তসত্বা কিশোৰীৰ মৃত্যুক লৈ ভেৰগাঁৱৰ ডিমাকুছিত তীব্ৰ চাঞ্চল্য …

0 145

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছি থানাৰ অন্তৰ্গত ধৰমজুলি চাহ বাগিছাত এগৰাকী অন্তঃসত্বা কিশোৰীৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখযোগ্য যে বিগত ৬ মাহ পূৰ্বে কিশোৰী গৰাকীক বামুনজুলিৰ দুই লম্পটে কাম দিয়াৰ প্ৰলোভনেৰে ঝাৰখণ্ডলৈ নি হাৰিয়ানাৰ এগৰাকী ব্যক্তিৰ হাতত বিক্ৰী কৰি দিছিল ৷


জানিব পৰা মতে বিক্ৰী কৰাৰ পাছতে কিশোৰী গৰাকী মালিক পক্ষৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হ’য় ৷ যাৰ ফলত কিশোৰী গৰাকী ৬ মাহৰ অন্তঃসত্ত্বা হৈছিল ৷ মালিকৰ অত্যাচাৰত উপায়ন্তৰ হৈ কিশোৰী গৰাকীয়ে পলায়ন কৰি হাৰিয়ানাৰ এখন আৰক্ষী থানাত উপস্থিত হ’য় ৷

তাৰ পৰাই আৰক্ষীৰ সহযোগত কিছুদিন পূৰ্বে ভূক্তভোগী কিশোৰী গৰাকী উপস্থিত হ’য় ডিমাকুছি বৰঙাজুলিৰ নিজ মাতৃগৃহত ৷ মাতৃগৃহৰ পৰা ধৰমজুলি চাহ বাগিছাৰ আই্তাকৰ ঘৰত আশ্ৰয় ল’য় কিশোৰী গৰাকীয়ে ৷ আইতাকৰ ঘৰত কিছু দিন থকাৰ পাছত কিশোৰী গৰাকীয়ে তীব্ৰ পেটৰ বিষত ভোগাত পৰিয়ালে বৰঙাজুলি চাহ বাগিছা হস্পিতালত ভৰ্তি কৰাই যদিও ইয়াতে ৰহস্য জনক ভাবে মৃত্যু হ’য় কিশোৰী গৰাকীৰ ৷

পিছত পৰিয়ালৰ লোকে কি কাৰণত আৰক্ষীক খবৰ নিদিয়াকৈ নিশাই কিশোৰী গৰাকীৰ মৃতদেহ সমাধিস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনা সন্দৰ্ভত ডিমাকুছি আৰক্ষী অৱগত হৈ দণ্ডাধীশৰ উপস্থিতিত শুক্ৰবাৰে মৃতদেহ খান্দি উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰী গৰাকী মাতৃ গৃহত যেতিয়া আহে তেতিয়াই ওদালগুৰি জিলা চাইল্ড লাইন টিমে কিশোৰী গৰাকীক ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰে যদিও পৰিয়ালৰ লোকে চাইল্ড লাইন টিমক দূৰব্যৱহাৰ কৰাৰ অভিযোগ কৰে সংগঠন টিয়ে।

ইফালে কিশোৰী গৰাকীক ফুচুলাই নি বিক্ৰী কৰা লম্পট চুনু আৰু দেচী নামৰ মহিলা গৰাকীক কঠোৰ শাস্তী বিহাৰ দাৱী তুলিছে চাইল্ড লাইন,শিশু সুৰক্ষা সমিতি, জিলা আইন সেৱা প্ৰাধিকি আৰু আছাকে ধৰি বিভিন্ন দল সংগঠননে কিন্তু আৰক্ষীৰ ভূমিকা পুতৌ জনক অৱস্থাই প্ৰতিক্ৰিয়া সৃষ্টি কৰে।আনহাতে সাংবাদীকে কৰিব যোৱাত ডিমাকুছি আৰক্ষীয়ে বেয়া ব্যৱহাৰৰ কৰে।

টংলাৰ পৰা অৰূপ বড়ো

Leave A Reply