Breaking

নগাঁৱৰ বৃহত্তৰ মৰিকলং-বৰঘাটত ক’ৰোনা গণসংক্ৰমণৰ আশংকা। নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ মুকলি বিচৰণ ।

0 883

ননৈ : কৰোণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক বৰ্তমান সময়ত নগাঁৱত আক্ৰান্ত হৈয়ে আছে ৷ নগাঁও আদালতৰ দণ্ডাধীশৰ পৰা আৰম্ভ কৰি আদালতৰ চৰকাৰী কৰ্মচাৰী, শ্ৰমিক, সাধাৰণ লোককে ধৰি কোনো ভ্ৰমণ বৃত্তান্ত নথকা কেইবাজনো লোক ইয়াৰ ভিতৰত আছে। নতুনকৈ কভিড-১৯ত আক্ৰান্ত হোৱা ৬০ জনৰ ভিতৰত কেইবাজনো ভ্ৰমণ বৃত্তান্ত নথকা লোক আছে যদিওঁ বৰ্তমানলৈকে সঠিক তথ্য লাভ কৰিব পৰা হোবা নাই। জিলাখনত এতিয়ালৈকে ভ্ৰমণ বৃত্তান্ত নথকা বহুকেইজন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। দ্ৰুতগতিত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত নগাঁও জিলাবাসীৰ মনত এক সংকাৰ ভাৱ অধিক ঘনীভূত হৈ পৰিছে। সচেতন মহলে সামাজিক সংক্ৰমণৰ আশংকা কৰিছে যদিও একাংশ লোকে বজাৰ-সমাৰ, ৰাজহুৱা স্থান, চৰকাৰী কাৰ্যালয় আদি সকলোতে ভিৰ কৰা পৰিলক্ষিত হৈছে। শাক-পাচলিৰ বজাৰ গেলামালৰ বিপনী, ঔষধৰ বিপনী, ভিতৰুৱা অঞ্চলৰ বজাৰ বেংক, চি এছ পি আদিত ৰাইজৰ অভাবনীয় ভিৰ পৰিলক্ষিত হৈছে। চৰকাৰ প্ৰশাসন স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও কোনেও এই আহ্বানৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত জিলা প্ৰশাসন কঠোৰ নহলে নগাঁও জিলাত কৰোণাই ভয়াৱহ পৰিস্হিতি সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভ্ৰমণ বৃত্তান্ত নথকা তিনিগৰাকী ছাফাই কৰ্মী ২ জুলাইত কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। এই তিনিগৰাকী ছাফাই কৰ্মী চিকিৎসালয়খনৰ বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল বুলি চিকিৎসালয়খনৰ বহুকেইজন কৰ্মচাৰীয়ে অৱগত কৰিছে৷ যাৰ বাবে চিকিৎসালয়খনৰ একাংশ চিকিৎসক-কৰ্মচাৰী বৰ্তমান চিন্তিত হৈ পৰিছে। জানিব পৰা মতে ইয়াৰে এগৰাকী অস্থায়ী ছাফাই কৰ্মীয়ে ২ জুলাইত অস্থায়ী কৰ্মচাৰীয়ে ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল। এনেদৰে ভ্ৰমণ বৃত্তান্ত নথকা কৰোণা আক্ৰান্ত লোক কোৱাৰেণ্টাইনত থকা সময়ত বিভিন্নজনৰ সংস্পৰ্শলৈ অহাৰ অভিযোগ আছে। জিলাখনৰ বিভিন্ন স্থানত হোম কোৱাৰেন্টাইন হোৱা বহু লোকে স্বাস্থ্য বিভাগৰ নিয়ম নীতি নামানি বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছে। যাৰ বাবেই জিলাখনত এতিয়া গণ-সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে, বৃহত্তৰ মৰিকলং-বৰঘাটবাসী ৰাইজো এতিয়া নিজাকৈ সাৱধান হোৱাৰ সময় আহি পৰিছে৷ কিয়নো মাজ-মৰিকলঙৰ সম্পৰ্কীয় এঘৰ লোকৰ বিবাহ অনুষ্ঠানত বহু সময় ধৰি অংশগ্ৰহণ কৰিছিল নগাঁৱৰ স্বাস্থ্য বিভাগে যোৱা ২ জুলাইত ক’ৰোনা পজিটিভৰূপে চিনাক্ত কৰা নগাঁও ন্যায়িক আদালতৰ কৰ্মচাৰী মৃন্ময় জ্যোতি বৰাই৷ এইলৈ এতিয়া বৃহত্তৰ মৰিকলংবাসী ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰাৰ লগতে বিবাহ অনুষ্ঠানত ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হোৱা ন্যায়িক আদালতৰ কৰ্মচাৰী বৰাৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকৰে স্বাস্থ্য  পৰীক্ষা কৰোবাৰ বাবে জিলা উপায়ুক্তৰ লগতে স্বাস্থ্য বিভাগক আহ্বান জনাইছে বৃহত্তৰ অঞ্চলৰ  সচেতন লোক সকলে ৷

Leave A Reply