Breaking

গ্ৰীষ্মকালত শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিবলৈ এই ৫ বিধ বনৌষধি অতি উত্তম, খাব পাৰে দৈনিক…

0 33

গ্ৰীষ্মকালত শৰীৰৰ তাপ কমোৱাটো অতি কষ্ট। এনে পৰিস্থিতিত কিছুমান বনৌষধি দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। গৰমৰ দিনত শৰীৰৰ উষ্ণতা ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে খাদ্য তালিকাত শীতল পদাৰ্থ থকা খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকক এই লেখাৰ জৰিয়তে এনে কিছুমান বনৌষধিৰ বিষয়ে কম, যিবোৰ নিয়মীয়াকৈ গ্ৰহণ কৰিলে আপুনি আপোনাৰ শৰীৰক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিব পাৰিব। জানো আহক এই ৫ বিধ বনৌষধিৰ বিষয়ে-

গৰমৰ দিনত পদিনা ৰাইটা, শ্বাৰবেট, চাটনিৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি। এই বনৌষধিত আছে শীতল গুণ। ইয়াৰ উপৰিও ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে।

গ্ৰীষ্মকালত কেঁচা ধনীয়া পাত চাটনি, চূপ আৰু চালাডত খালে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে। ইয়াৰ লগতে ২০১৭ চনত কৰা এক অধ্যয়নতো দেখা গৈছে যে ধনীয়াৰ এন্টিঅক্সিডেন্ট, এন্টি-কেন্সাৰ আৰু নিউৰ’প্ৰটেক্টিভ গুণো আছে।

তুলসীৰ প্ৰদাহ, এন্টিচেপ্টিক, এন্টি এজিং আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবে যুগ যুগ ধৰি ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ লগতে ই শৰীৰক শীতল কৰি ৰাখে বুলি জনা যায়।

অতীজৰে পৰা জিৰা গ্ৰহণ কৰিলে শৰীৰ শীতল আৰু হজম শক্তিত সহায়ক হয়। ইয়াত এন্টিঅক্সিডেন্ট থাকে যিয়ে গৰমৰ লগত জড়িত অস্বস্তিৰ লক্ষণ যেনে পেট ফুলা আৰু বদহজম হ্ৰাস কৰাত সহায় কৰে।

Leave A Reply