Breaking

এই ৫ ৰোগীয়ে নাখাব চাহ, গাখীৰ চাহৰ উপকাৰিতা-অপকাৰিতাৰ বিষয়ে জানো আহক…

0 74

নিয়মিতভাৱে কম পৰিমাণে চাহ খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয়, বৰঞ্চ স্বাস্থ্যৰ উপকাৰিতাপে হ’ব। কিন্তু গাখীৰ চাহ সকলোৰে বাবে উপকাৰী নহয়। প্ৰতিখন ঘৰতে চাহৰ গুৰুত্ব দেখা যায়। চাহৰ বহুতো প্ৰকাৰ আছে, তাৰ ভিতৰত গাখীৰৰ সৈতে চাহ খাই আটাইতকৈ বেছি পাই মানুহে।চাহৰ বিষয়ে জানো আহক-

যদি আপোনাৰ শৰীৰত আইৰণৰ অভাৱ হয় তেন্তে গাখীৰৰ সৈতে চাহ খুব কমকৈ খাব বা একেবাৰেই নাখাব।

অৱশ্যে চাহ খালে সতেজ অনুভৱ হয়। কিন্তু যদি আপুনি ডিপ্ৰেছন বা ষ্ট্ৰেছৰ মাজেৰে দিন অতিবাহিত কৰিছে তেন্তে চাহ নাখাব। চাহ খালে ইয়াৰ লক্ষণ অধিক ভয়াৱহ হ’ব পাৰে।

যদি আপুনি ৰাতি শুব নোৱাৰে তেন্তে চাহ নাখাব। বিশেষকৈ সন্ধিয়া চাহ নাখাব।

গাখীৰৰ সৈতে চাহ খালে আপোনাৰ হজম শক্তি বেয়া হ’ব পাৰে।চাহত থকা কেফেইন আৰু চৰ্বি একেলগে গেছ, পেট ফুলা আৰু এচিডৰ সৃষ্টি কৰে।

যদি আপুনি হৃদৰোগী তেন্তে গাখীৰৰ চাহ খাব নালাগে। কিন্তু চেনিবিহীন ক’লা চাহ কম পৰিমাণে খাব পাৰে।

Leave A Reply