জীৱনদায়িনী সা-সৰঞ্জাম এৰি ককাল ঘুৰাই নাচিলে এই সকল চিকিৎসা কৰ্মীয়ে…

বলিয়া ব’হাগৰ বা লাগিছে একাংশ চিকিৎসক চিকিৎসা কৰ্মীৰ গাত। জীৱনদায়িনী সা-সৰঞ্জাম এৰি ককাল ঘুৰাই নাচিছে এই সকল চিকিৎসা কৰ্মীয়ে। থেছি’ছকপ কিম্বা অক্সিমিটাৰ এৰি হাতত মাই’ক্ৰফোন লৈ ৰঙালীৰ ৰঙত মতলীয়া এই সকল চিকিৎসক আৰু চিকিৎসা কৰ্মী।

অহৰ্নিশে তৎকালীন তথা আপাদকালীন মানৱ সেৱা আগবঢ়োৱা এই সকল মহিলাইও ৰঙালী বিহু উপলক্ষে গীত- নৃত্যৰে মনোৰঞ্জন দিলে সতীৰ্থ চিকিৎসা কৰ্মী তথা ৰোগীৰ আত্মীয়ক।

এই পৰিৱেশ উত্তৰ গুৱাহাটী GNRC হাস্পতালৰ। উত্তৰ গুৱাহাটী G.N.R.C হাস্পতালে সাংবাদিক তথা তেওঁলোকৰ পৰিয়াল বৰ্গলৈ আগবঢ়াইছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আঁচনি। ২০ এপ্ৰিলৰ পৰা ২১ মে’ পৰ্যন্ত সাংবাদিকসকল তথা তেওঁলোকৰ পৰিয়াল বৰ্গই উত্তৰ গুৱাহাটী G.N.R.Cত গ্ৰহণ কৰিব পাৰিব বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসকৰ পৰামৰ্শ। সকলো ধৰণৰ অস্তোপ্ৰচাৰত লাভ কৰিব ২০ শতাংশ ৰেহাই। শনিবাৰে উত্তৰ গুৱাহাটী G.N.R.C চৌহদত উদযাপন কৰা হয় ৰঙালী বিহু। এই ৰঙালী বিহু উদযাপন কাৰ্যসূচীত নিমন্ত্ৰণ দিয়া হয় স্থানীয় সাংবাদিক সকলক।

উক্ত কাৰ্যসূচীতে উত্তৰ গুৱাহাটী G.N.R.C কৰ্তৃপক্ষই মন্তব্য কৰে সাংবাদিক সকল তথা তেওঁলোকৰ পৰিয়াল বৰ্গলৈ আগবঢ়োৱা এই বিনামূলীয়া স্বাস্থ্য আঁচনিৰ কথা। অৱশ্যে GNRCৰ সাধ্যানুসাৰে এই আচঁনিৰ অগ্ৰাধিকাৰ লাভ কৰিব হাজো, শুৱালকুছি, বাইহাটা আৰু উত্তৰ গুৱাহাটীৰ সাংবাদিক সকলে।

Related Articles