Breaking

নগাঁৱত চুৰি সামগ্ৰীসহ আটক চোৰ

0 1,225

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও সদৰ আৰক্ষীয়ে কালি নিশা অভিযান চলাই  বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী সহ কেইবাটাও চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,নগাঁৱৰ আম্বেদকাৰ ভৱনত যোৱা দহ ডিচেম্বৰত সংঘটিত হৈছিল চুৰি কাৰ্যৰ ঘটনা  ৷ ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰজু কৰা হৈছিল৷ সেই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি নিশা  চহৰখনৰ খ্ৰীষ্টানপট্টিত অভিযান চলায় চিলাই মেচিন, স্কুল বেগ, পোছাক সহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। উল্লেখ্য , দীপু আহমেদ নামৰ চোৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে নিশা অভিযান চলাই বৃহৎ চুৰি সামগ্ৰী জব্দ কৰাৰ লগতে আন তিনিজন লোকক আটক কৰে ৷ আটক কৰা লোক কেইজনৰ নাম ক্ৰমে ছলমান ৰহমান,মজিবুৰ আলী আৰু ৱাচিম খন্দকাৰ।

Leave A Reply