এনাৰ্জি ড্ৰিংকছ খোৱাৰ আগতে ১০০ বাৰ ভাবক! চিকিৎসকে সকীয়াই দিছে, হঠাতে হাৰ্ট এটেক হ’ব পাৰে…

শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে মানুহে প্ৰায়ে এনাৰ্জি ড্ৰিংকছৰ গ্ৰহণ কৰে, কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই পানীয়বোৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। এই পানীয়বোৰত প্ৰায়ে অধিক পৰিমাণৰ চেনি আৰু কেফেইন থাকে। চিকিৎসকে কয় যে ইয়াৰ ফলত হঠাৎ হাৰ্ট এটেকৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।এনাৰ্জি ড্ৰিংকছত ট’ৰিন আৰু গুয়াৰানা আদি উপাদান থাকে, যিয়ে হৃদস্পন্দন, ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ অন্যান্য কাৰ্য্যত প্ৰভাৱ পেলোৱা বুলি বিশ্বাস কৰা হয়।


আমেৰিকান মেয়’ ক্লিনিকৰ গৱেষকসকলে হাৰ্ট এটেকৰ পৰা ৰক্ষা পোৱা ১৪৪ জন ৰোগীৰ তথ্য অধ্যয়ন কৰিছিল। ইয়াৰে ৭ জন লোকে (বয়স ২০ৰ পৰা ৪২ বছৰ) ঘটনাৰ কিছু সময়ৰ পূৰ্বে এনাৰ্জি ড্ৰিংক সেৱন কৰিছিল।

লণ্ডনৰ এক গৱেষণাৰ মতে কেফেইনে হৃদস্পন্দন বৃদ্ধি কৰে আৰু টোপনিত প্ৰভাৱ পেলায়। সামান্য পৰিমাণৰ কেফেইন প্ৰাপ্তবয়স্কৰ বাবেও উপকাৰী হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে দিনটোত ২ বা তাতকৈ অধিক কফি হৃদৰোগৰ বাবে উপকাৰী হ’ব পাৰে। কিন্তু, এনাৰ্জি ড্ৰিংকছত পোৱা পৰিমাণৰ ৰিফাইন চেনি একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত ব্লাড চুগাৰ বৃদ্ধি পায়।

লণ্ডনৰ এগৰাকী পুষ্টিবিদে এনাৰ্জি ড্ৰিংকছ এৰি তাৰ পৰিৱৰ্তে ফিজি পানী খাবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে শক্তিৰ বাবে আমি এনাৰ্জি ড্ৰিংকছৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। মই মানুহক ফিল্টাৰ কৰা পানী খাবলৈ পৰামৰ্শ দিওঁ – এইটোৱেই আচলতে আমাক শক্তি দিয়ে।

Related Articles