Breaking

এইবাৰ আন এক ভাইৰাছ জি-৪ : উৎস চীন

0 1,247

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ভিড-১৯ সংক্ৰমণত সমগ্ৰ বিশ্বত এক কোটিৰো অধিক লোক আক্ৰান্ত হৈছে৷ এতিয়াও এই ভাইৰাছৰ বিৰুদ্ধে কোনো প্ৰতিষেধক ওলোৱা৷ নাই৷ ইয়াৰ মাজতে আন এক ভাইৰাছে নিদ্ৰা নোহোৱা কৰিছে বিভিন্নজনক, যিটোৰ সংক্ৰমণত ভৱিষ্যতে মহামাৰীৰ ৰূপ ল’ব বুলি বিজ্ঞানী আৰু গৱেষকসকলে লক্ষ্য কৰিছে৷ ক’ৰোনা ভাইৰাছৰ দৰে এই ভাইৰাছৰ উৎস চীন৷ নাম জি-৪ ভাইৰাছ। এইচ১এন১ ছোৱাইন ফ্লুৰ সৈতে জিনগত মিল আছে এই ভাইৰাছৰ৷ ‘প্ৰচিডিংছ অব দ্য নেচনেল অকাডেমী অব ছাইন্স’ নামৰ এখন আলোচনীত সম্প্ৰতি জি-৪ক লৈ এক প্ৰতিবেদন প্ৰকাশ পাইছে৷ তাৰ পাছতে আতংকই বিৰাজ কৰিছে৷ চীনসহ বিভিন্ন দেশৰ বিজ্ঞানীয়ে কৈছে, ছোৱাইন ফ্লুৰ দৰে গাহৰিৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হয়৷ তাৰ পাছত মানুহৰ পৰা মানুহৰ মাজলৈ এই ভাইৰাছ সংক্ৰমণ হোৱা প্ৰমাণ পোৱা নাই৷ ফলত মহামাৰীৰ ৰূপ ল’লেও৷ ক’ভিড-১৯তকৈ ইয়াৰ সুবিধা কম হ’ব বুলি আশা কৰা হৈছে৷ ২০০৯ চনত ছোৱাইন ফ্লুত কেইবালাখো মানুহৰ মৃত্যু হৈছিল৷ বিজ্ঞানীসকলে জনাইছে, জি-৪ কোনো নতুন ভাইৰাছ নহয়৷ কেইটামান বছৰ ধৰি চীনৰ বিভিন্ন গাহৰিৰ ফাৰ্মত ইয়াৰ উপস্থিতি পোৱা গৈছে৷ চীনৰ ছানডং কৃষি বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় ইনফ্লুয়েঞ্জা চেণ্টাৰৰ গৱেষকসকলে ২০১১ চনৰ পৰা ২০১৮ চনৰ মাজভাগলৈকে মুঠ ১০খন ৰাজ্যৰ পশু ফাৰ্ম আৰু চিকিৎসালয়ত মুঠ ৩০ হাজাৰ গাহৰিৰ লেলাউটি পৰীক্ষা কৰে৷ তেতিয়া ১৭৯ ধৰণৰ ভাইৰাছৰ অস্তিত্ব পায়৷ ইয়াৰে সকলোবোৰ মাৰাত্মক নহয়৷ ব্যতিক্ৰম কেৱল জি-৪৷ সম্প্ৰতি চীনৰ দুখন ৰাজ্যত গাহৰিৰ পৰা মানৱ দেহলৈ এই ভাইৰাছ সংক্ৰমণ হোৱাত বিজ্ঞানীসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷

Leave A Reply