Breaking

এইবাৰ জল পথত লেছিৰ ছিণ্ডিকেট!

0 1,118

এইবাৰ জল পথত লেছিৰ ছিণ্ডিকেট।লেছিৰ নৈৰাজ্য, উদ্ভাণ্ডালি আৰু অৰাজকতাই গ্ৰাস কৰিছে নেকি ৰাজ্যৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগক?হোৰা-হোৰে বৃদ্ধি পাইছে জলপৰিবহণ বিভাগৰ নৌকা ভাড়া ৷কৰবাত যদি দুগুন আন কৰবাত তিনিগুন বৃদ্ধি পাইছে নৌকা ভাড়া৷বৰপেটা-নলবাৰী আৰু কামৰূপৰ বিভিন্ন অঞ্চলৰ নৈপৰীয়া আৰু চৰাঞ্চলৰ লোকে নদী পথেৰে যাতায়ত কৰে এটা পাৰঘাটেৰে৷কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আলিকাষ পাৰঘাটখন বিগত প্ৰায় দুবছৰ ধৰি বেচৰকাৰী ভাৱে চলিছিল যদিও যোৱা যোৱা ১৬ মাৰ্চত আভ্যন্তৰীন জলপৰিবহণ বিভাগে পাৰঘাটটো লিজত দিছে উৎপল কুমাৰ দাস নামৰ এজন ব্যক্তিৰ নামত ।উৎপল কুমাৰ দাসে আলিকাষ পাৰঘাট লিজত লৈ পাৰঘাটটোত কোনো ভাড়াৰ তালিকা ফলক নলগোৱাকৈ আৰম্ভ কৰিছে লুটৰাজ কৰা অভিযোগ।দুগুনৰ পৰা তিনিগুন ভাড়া বৃদ্ধি কৰি সাধাৰণ ৰাইজক মাধমাৰ সোধোৱাৰ লগতে মানুহ গণি গণি সংগ্ৰহ কৰি গুণ্ডাকৰ৷

আনহাতে বিভাগে গিয়াৰযুক্ত যন্ত্ৰ চালিত নৌকা চলাবলৈ বাধ্য কৰি দিয়া স্বত্তেও লিজত লোৱা উৎপল কুমাৰ দাসে নিজা মৈমতালিৰে সাধাৰণ ভূটভূটি নৌকা চলাই আহিছে যাৰ ফলশ্ৰতিত অবৈজ্ঞানিক ভটভটিৰ কোবাল ঢৌত অভাৱনীয় ভাবে বৃদ্ধি পাইছে গৰীখহনীয়া উল্লেখ্য যে, গৰৈমাৰীৰ আলিকাষ পাৰঘাট চৰকাৰীকৰণ হোৱাৰ পিছদিনাৰ পৰাই লেছীয়ে দুগুনৰ পৰা তিনিগুন ভাড়া বৃদ্ধি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰঞ্চলত বসবাস কৰা আৰু পাৰাপাৰ হোৱা সাধাৰণ ৰাইজে ৷চৰাঞ্চলৰ দৰিদ্ৰ জনতাক শোষণ চলোৱা লেছিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী জনাইছে ৰাইজে৷

Leave A Reply