Breaking

এইবাৰ পোহৰলৈ আহিছে এচ আই জোনমণি ৰাভাৰ গোপন আখ্যান ..

0 229

জিলিকা মানেই সকলো সোণ নহয় । ভাবী স্বামীক জে’ললৈ পঠিয়াই হিৰ’ হৈছিল জোনমণি ৰাভা। এইবাৰ পোহৰলৈ আহিছে এচ আই জোনমণি ৰাভাৰ গোপন আখ্যান।

পুনৰবাৰ চৰ্চালৈ আহিছে নগাঁও আৰক্ষী থানাৰ এচ আই জোনমণি ৰাভা।কিছুদিনৰ পূৰ্বে ভাবী স্বামীক নিজেই আটক কৰি জে’ললৈ প্ৰেৰণ কৰি চৰ্চালৈ অহা জোনমণি ৰাভাৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ। পোহৰলৈ আহিছে ভাবী স্বামীক আটক কৰি বহুজনৰ প্ৰশংসা লাভ কৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আখ্যান৷ জোনমণি ৰাভাই ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ।

আৰক্ষী বিষয়াগৰাকীৰ কাণ্ডই বৰ্তমান সকলোকে হতচকিত কৰি তুলিছে।জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণা পগাগৰ লগতে সহযোগী জোনমণি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ দুই ব্যৱসায়ীয়ে বহু আপত্তিজনক অভিযোগ আনিছে৷ জোনমণিৰ উপস্থিতিতে ৰাণাই কমিছন লোৱাৰ অভিযোগ ভুক্তভোগীৰ।গড়মূৰ আৰক্ষী থানাত মঙলবাৰে এজাহাৰ দাখিল ভুক্তভোগীৰ।

শেহতীয়াকৈ পোহৰলৈ অহা অভিযোগ অনুসৰি, সম্প্ৰতি কাৰাবন্দী জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে জোনমণি ৰাভাই ONGC ৰ বিষয়া বুলি চিনাকী কৰাই দিছিল৷ কেৱল চিনাকী কৰাই দিয়াই নহয়, ঠিকা প্ৰদানৰ প্ৰলোভনেৰে ৰাণাৰ যোগেদি লাখে লাখে টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে।

Leave A Reply