Breaking

প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি ৷ উজ্জয়িনীৰ মন্দিৰত গ্ৰেপ্তাৰ ম’ষ্ট ৱানটেড গেংষ্টাৰ ৷ পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু ৷

0 1,291

দৈনন্দিন বাৰ্তা :
প্ৰায় এসপ্তাহৰ নাটক অৱশেষত ইতি পৰিল৷ কানপুৰত বিষয়াসহ ৮ আৰক্ষীক হত্যা কৰা ম’ষ্ট ৱানটেড গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ উজ্জয়িনীৰ এটা মন্দিৰৰ পৰা এই দুৰ্ধৰ্ষ অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে প্ৰায় একে সময়তে হোৱা দুটা পৃথক এনকাউণ্টাৰত বিকাশৰ দুই সহযোগীৰ মৃত্যু হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বৃহস্পতিবাৰে উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত পুৱা আঠ বজাত এই অপৰাধীটোক দেখা পায় ৷ মন্দিৰৰ চৌহদৰ এখন দোকানৰ পৰা ফুলৰ মালা কিনিবৰ সময়তে দোকানীয়ে বিকাশক চিনি পালে ৷ তাৰ পাছত তেওঁ মন্দিৰৰ নিৰাপত্তাৰক্ষীক কথাটো জনায় ৷ লগে লগে আৰক্ষীলৈ খবৰ যায় ৷ নিৰাপত্তাৰক্ষীয়ে বিকাশক মন্দিৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে ৷ কিন্তু বিকাশে ভুৱা পৰিচয়পত্ৰ দেখুৱায় ৷ নিৰাপত্তাৰক্ষী নিশ্চিত আছিল যে এই ব্যক্তি বিকাশেই ৷ তাতে বিকাশৰ লগত হতাহতি আৰম্ভ হয় ৷ কিন্তু শেষ ৰক্ষা নহ’ল ৷ মন্দিৰৰ নিৰাপত্তাৰক্ষীয়ে বিকাশক আটক কৰি ৰাখে ৷ পাছত আৰক্ষীৰ হাতত অপৰাধীটোক তুলি দিয়া হয় ৷ এই মন্দিৰৰ চিচিটিভি ফুটেজত দেখা যায় যে কেইজনমান আৰক্ষীয়ে বেৰি ৰাখিছে মাস্ক পিন্ধা বিকাশক ৷ আৰক্ষীৰ জেৰাত অপৰাধীটোৱে স্বীকাৰ কৰে কানপুৰৰ বিকাশ ডুবে বুলি ৷ তাৰ পাছতে অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে নিশা বিকাশক ধৰিবলৈ গাঁৱলৈ যোৱা আৰক্ষীৰ ওপৰত গুলী বৰ্ষণ কৰিছিল ৷ উত্তৰ প্ৰদেশৰ কানপুৰত হোৱা সেই ঘটনাত ঘটনাস্থলীতে বিষয়াসহ আঠজন আৰক্ষী নিহত হৈছিল ৷ তাৰ পাছতে বিকাশৰ সন্ধানত আছিল আৰক্ষী ৷ বুধবাৰে হাৰিয়ানাৰ ফৰিদাবাদৰ এখন হোটেলত আছিল বুলি জনাৰ কিছু সময়ৰ পাছতে বিকাশ পলাই গৈছিল ৷ কিন্তু উজ্জয়িনীৰ মন্দিৰৰ পৰা পলাব নোৱাৰিলে গেংষ্টাৰ বিকাশ ৷ আনহাতে একেটা দিনতে পুৱা আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত বিকাশৰ দুই সহযোগীৰ মৃত্যু হয় ৷ তাৰে এটাক বুধবাৰে ফৰিদাবাদৰ হোটেলত বিকাশক ধৰিবলৈ যাওতে গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰৰ পাছত অপৰাধীটোক কানপুৰলৈ নিয়া হৈছিল ৷ ইপিনে গৈ থকা অৱস্থাত গাড়ীৰ চকা ফুটাত আৰক্ষীৰ আগ্নেয়াস্ত্র লৈ পলাবলৈ চেষ্টা কৰিছিল প্ৰভাত নামৰ অপৰাধীটো ৷ তেতিয়া আৰক্ষীয়ে গুলী চালনা কৰে ৷ ফলত গুৰুতৰভাৱে আহত অপৰাধীটোক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ৷ আনহাতে বিকাশৰ আন এক সহযোগী প্ৰবীন ওৰফে বৌবা ডুবেৰ আৰক্ষীৰ গুলীত মৃত্যু হয় ৷ উত্তৰ প্ৰদেশৰ এয়াৱাৰ ওচৰত দিনৰ ৩ বজাত এখন ছুইফট ডিজায়াৰ চাৰিটা দুষ্কৃতিকাৰীয়ে চুৰি কৰিছিল ৷ তাৰ প্ৰায় এঘণ্টাৰ পাছত আৰক্ষীয়ে সেই অপৰাধীক আটক কৰে ৷ তেতিয়া আৰক্ষীলৈ লক্ষ্য কৰি গুলী কৰিছিল ৷ আৰক্ষীয়ে তাৰ প্ৰত্যুত্তৰ দিয়ে৷ এই অপৰাধী চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় ৷ এই অপৰাধীটোৰ পৰিচয় পোৱা নাই আৰক্ষীয়ে ৷ উল্লেখ্য যে প্ৰবীনক ধৰিবৰ বাবে আৰক্ষীয়ে ৫০ হাজাৰ টকা ঘোষণা কৰিছিল ৷

Leave A Reply