Breaking

শুবমান গিলৰ সৈতে নাম সাঙোৰ খাইছে ৰশ্মিকা মাণ্ডন্নাৰ! অনুৰাগীয়ে কৰিলে প্ৰশ্ন, ‘ছাৰা OUT নেকি?’

0 63

ভাৰতীয় দলৰ অ’পেনিং বেটছমেন শুবমান গিলৰ বিষয়ে চৰ্চা চলিছে যে তেওঁৰ প্ৰথম ক্ৰাছ আছিল দক্ষিণৰ ছবিৰ তাৰকা ৰশ্মিকা মাণ্ডন্না। ইফালে, পূৰ্বে শুবমান গিলে অভিনেত্ৰী চাৰা আলী খানৰ সৈতে ডেটিং কৰাৰ খবৰ ওলাইছিল যদিও এতিয়া তেওঁৰ নাম দক্ষিণৰ চলচ্চিত্ৰ তাৰকা অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাৰ সৈতে নাম সাঙোৰ খাইছে শুবমান গিলৰ।দৰাচলতে ইনষ্টাবলিউড নামৰ এটা ইনষ্টাগ্ৰাম পেজে শুবমান গিল আৰু ৰশ্মিকা মাণ্ডন্নাৰ ফটো পোষ্ট কৰি দাবী কৰিছিল যে গিলে এটা সাক্ষাৎকাৰৰ সময়ত স্বীকাৰ কৰিছিল তেওঁৰ প্ৰথম ক্ৰাছ আছিল ৰশ্মিকা মাণ্ডন্না। বৰ্তমান গিলৰ এই উত্তৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই পোষ্টটোৰ উত্তৰ দিওতে শুবমান গিলে লিখিছিল যে কোনটো সংবাদ মাধ্যমত মই এই কথা কৈছিলো, মই নিজেই নাজানো। আনহাতে এই পোষ্টটোত অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।বৰ্তমান ভাৰতীয় দলটোৱে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট মেচ খেলি আছে, শুবমান গিলও এই টেষ্ট মেচত টিম ইণ্ডিয়াৰ প্লেইং একাদশৰ অংশ। এই টেষ্ট শৃংখলাৰ প্ৰথম ২ খন টেষ্ট মেচত খেলাৰ সুযোগ নাপালে গিলে।

লোকেশ ৰাহুলৰ অবিৰত দুৰ্বল ফৰ্মৰ পৰিপ্ৰেক্ষিতত টিম ইণ্ডিয়াই ইন্দোৰত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন টেষ্ট মেচত গিলৰ বেটেৰে দুয়োখন ইনিংছতে মাত্ৰ ২১ আৰু ৫ ৰানহে লাভ কৰে। দলটোৱে পুনৰবাৰ তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰি আহমেদাবাদ টেষ্টত তেওঁক সুযোগ দিছে।

Leave A Reply