Breaking

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

0 95

ঠেঙাল-কছাৰী সকলৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত ২১ নং ৰূপহী-গড়পৰা পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়া বিনা প্ৰতদন্দিতাৰে জয়ী হৈছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ দুৰ্দশা অব্যাহত আছে ৷ উল্লেখ্য যে, ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২২ টা পৰিষদীয় সমষ্টিৰ ২০ জানুৱাৰীত ভোটদান হ’ব ৷ ইয়াৰে ২১ নং ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিত ভোটদানৰ পূৰ্বে বিৰোধী দলসমূহে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো চৰম লজ্জাৰ বিষয় হিচাপে পৰিগণিত হৈছে।

সমষ্টিটোৰ পৰা কংগ্ৰেছ দলৰ পৰা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰিছিল ৷ আৰু বিজেপিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ তেঁওৱে আছিল একমাত্ৰ প্ৰতিদন্দি ৷ কিন্তু ৰহস্যজনকভাৱে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা মৃদুপৱন বড়াই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিজেপিৰ দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক ধেমাজি জিলা নিৰ্বাচনী বিষয়াই বিজয়ী বুলি ঘোষণা কৰে ৷ দলীয় প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদন্দিতাৰে বিজয়ী হোৱাত বিজেপিৰ দলীয়-কৰ্মকৰ্তাসকল উৎফুলিত হৈ পৰিছে ৷ বিজেপি দলৰ গোগামুখ মণ্ডলৰ সভাপতি ৰমেন দেউৰী, সম্পাদকদ্বয় দুলেন পেগু আৰু মদন চেত্ৰীয়ে দলীয় প্ৰাৰ্থী ৰাজু শইকীয়াক অভিনন্দন জনোৱাৰ লগতে নিকাভাৱে কাম-কাজ আগুৱাই নিবলৈ আহ্বান জনাইছে ৷ ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিটোৰ পৰা পূৰ্বেও ৰাজু শইকীয়া বিজয়ী হৈছিল ৷

Leave A Reply