Breaking

সহস্ৰাধিক ইছলাম ধৰ্মী লোকে একত্ৰিত হৈ দৰঙৰ শিলবৰীত আদায় কৰিলে পবিত্ৰ ঈদ-উল-ফিতৰৰ নামাজ…

0 23

পবিত্ৰ ৰমজান মাহৰ ত্ৰিশ ৰোজাৰ অন্তত সমগ্ৰ ৰাজ্যৰ ইছলামধৰ্মীৰ ব্যক্তিৰ লগত বৃহস্পতিবাৰে ৰাতিপুৱা ৯:৩০ মিনিটত দৰং জিলাৰ বৃহত্তৰ শিলবৰী আঞ্চলিক ঈদগাহ ময়দানত সহস্ৰাধিক ব্যক্তি একত্ৰিত হৈ আদায় কৰিলে পবিত্ৰ ঈদ-উল-ফিৎৰৰ নামাজ। শিলবৰী আঞ্চলিক ঈদগাহ ময়দান বৰ আটকধুনীয়া কৈ সজোৱা হ’ল। চাৰিওফালে নতুনকৈ ৰঙ লগাই পৰিস্কাৰ পৰিচ্ছন্ন কৰিলে ঈদগাহ পৰিচালনা সমিতিয়ে। বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰতিজন ইছলাম ধৰ্মৰ লোকে নতুন কাপোৰ পৰিধান কৰি নিজ আপোন জনৰ সৈতে দলে দলে দুখীয়া-দৰিদ্ৰক দান কৰি পবিত্ৰ মনে প্ৰবেশ কৰিলে ঈদগাহ ময়দানত। প্ৰথমে এই বৰ্ষত পবিত্ৰ তীৰ্থভূমি মক্কাত যাবলৈ ইচ্ছা প্ৰকাশ কৰা ব্যক্তি সকলে ৰাইজৰ মতামত ও দোৱা আশিৰ্বাদ লয়।দাখিল হয় বিগত বৰ্ষৰ ঈদগাহ সমিতিৰ খৰচ আদিৰ হিচাপ।পাঠ হয় পবিত্ৰ ধৰ্ম গ্ৰন্থ কোৰানৰ কিছু শ্লোক।

একেবাৰে প্ৰথম শাৰীত থিয় হয় ঈদ-উল-ফিৎৰৰ নামাজক তত্বাৱধান কৰা ইমাম। সন্মানীয় ইমাম জনে নামাজৰ নীতি-নিয়মৰ বিষয়ে কয় আৰু ৯:৩০ মিনিটত প্ৰতিজন ব্যক্তিয়ে এক নিৰ্দিষ্ট শাৰী পাতি কোনো উচ্চ-নীচ ভেদা-বেদ নাৰাখি আদায় কৰে পবিত্ৰ ঈদ-উল-ফিৎৰৰ দুই ৰাকাত ওৱাজিব নামাজ। লগতে হ’ল বিশ্ব শান্তিৰ সমূহীয়াকৈ দোৱা।দোৱাত বহু ব্যক্তি আবেগিক হৈ পৰে। বহুদিনৰ অন্তত ঈশ্বৰৰ কৃপাত ত্ৰিশ দিনলৈ ৰোজা ৰাখি আল্লাহৰ নামত ইবাদত কৰাৰ শক্তি দিয়াৰ বাবে মহান সৃষ্টি কৰ্তা আল্লাহক ধন্যবাদ জনায়। ইজনে সিজনৰ লগত আলিঙ্গন কৰি মিলা প্ৰীতিৰ এক বাৰ্তা প্ৰেৰন কৰে। অৱশেষত বিশ্ববাসীৰ মাজত শান্তি,সমৃদ্ধি,ভাতৃত্ব আৰু মিলাপ্ৰীতি বাবে এই পবিত্ৰ ঈদ-উল-ফিৎৰৰ দিনত ঈদগাহ ময়দানৰ পৰাই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে।ইছলাম ধৰ্মৰ লোক সকলে ৰমজান মাহ অতি পবিত্ৰ,ত্যাগ, সংযম,আৰু এবাদতৰ মাহ বুলি বিশ্বাস কৰে। ৰমজান মাহত প্ৰতিজন ব্যক্তিয়ে ৰোজা ৰাখি সন্ধিয়া ইফতাৰ কৰা টো কৰ্তব্য বুলি পালন কৰে।ত্ৰিশ ৰোজাৰ অন্তত পালন কৰে ঈদ-উল-ফিতৰ।

Leave A Reply