Breaking

ওদালগুৰি জিলাত ভেকচিনৰ অভাৱত হাহাকাৰ কৰিছে হাজাৰ হাজাৰ জনতাই

0 1,529

দৈনিক ভেকচিন লবলৈ আহি  উভতি যাব লগীয়া হৈছে হাজাৰ হাজাৰ পুৰুষ মহিলা ।

সমগ্ৰ দেশতেই কাৰোনাই শলঠেকত পেলোৱাৰ সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ জনগণক ক’ভিডৰ পৰা ৰক্ষা পাবলৈ  ভেকচিন প্ৰদান কৰি অহা সময়ত ওদালগুৰি জিলাৰ ৰাইজ ভেকচিনৰ অভাৱত হাৱাথুৰী খাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ওদালগুৰি জিলাৰ ভেকচিনেশ্যচনৰ স্বাস্থ্য কেন্দ্ৰ সমূহত এতিয়া দৈনিক হাজাৰ হাজাৰ ৰাইজে দিনৰ দিনটো ভিৰ কৰা পৰিলক্ষিত হৈছে । যিসময়ত ৰাজ্য চৰকাৰে দৈনিক তিনি লাখতকৈ অধিক ভেকচিন প্ৰদান কৰা হব বুলি প্ৰকাশ কৰি  অহাৰ সময়তে ওদালগুৰি জিলাৰ এই ধৰণৰ ভেকচিনৰ নাটনিয়ে চিন্তিত কৰিছে জিলাখনৰ সকলো শ্ৰেণীৰ জনতাক । ওদালগুৰি জিলাৰ ওৰাং খন্ড প্ৰাথমিক  স্বাস্থ্য খণ্ডতো দেখিবলৈ পোৱা গৈছে সেই একেই দৃশ্য । মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰৌতা,মাজবাট ,ওৰাং অঞ্চলৰ গাঁও সমূহৰ পৰা দৈনিক ঘৰৰ কাম বন এৰি চৰকাৰে জনোৱা আহ্বান মৰ্মে ৰাইজ স্বাস্থ্য কেন্দ্ৰলৈ ভেকচিন লোৱাৰ বাবে ওলাই আহিছে ঠিকেই কিন্তু দিনৰ দিনটো অপেক্ষা কৰি হাৱাথুৰী খাব লগীয়া হৈছে  সাধাৰণ  জনতাই । দৈনিক এখন ভেকচিন চেণ্টাৰত ১০০/ ২০০ জনক ভেকচিন প্ৰদান কৰা হয় যদিও এটা চেণ্টাৰত দৈনিক লানি নিছিঙা ভিৰ হোৱা পৰিলক্ষিত হৈছে । দিনত এটা ভেকচিনেশ্যচন  চেণ্টাৰৰ পৰা ৩০০/৪০০ত কৈ অধিক লোক উভতি যোৱাটো সাধাৰণ কথা হৈ পৰিছে ৷ভেকচিনেশ্যচন কেন্দ্ৰ সমুহত সময়তে এতিয়া এটাও ভেকচিন নথকাৰ ফলত ঘৰৰ পৰা ৰাতিপুৱাই সকলো কাম বন কণ কণ লৰা ছোৱালীক ঘৰত থৈ  ভিতৰুৱা গাঁও অঞ্চলৰ পৰা  ওলাই অহা হাজাৰ হাজাৰ লোকে জিলা খনত এটাও  ভেকচিন নথকা কথা জানিবলৈ পাই ঘূৰি যাব লগীয়া হৈছে । ঘৰৰ পৰা এটা ভেকচিন লবলৈ ওলাই অহা সকলে অতিকামেও তিনি চাৰি দিন ধৰি স্বাস্থ্য কেন্দ্ৰ সমূহত আহিও ভেকচিন  লাভ নকৰাত চিন্তিত হৈছে গাঁও অঞ্চলৰ ৰাইজ ।যোৱা ২৯ তাৰিখৰ পৰা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভেকচিনৰ নাটনি হোৱাত ঘূৰি যাব লগীয়া হৈছে ৰাতিপুৱা পাঁচ বজাৰ পৰা ভেকচিন লবলৈ শাৰী পাতি থকা পুৰুষ মহিলা সকল বঞ্চিত হৈ তীব্ৰ ক্ষোভ  প্ৰকাশ কৰি আহিছে ৷
অসম চৰকাৰে সাধাৰণ জনতাক ভেকচিন লাবলৈ বাৰম্বাৰ আহ্বান জনাই অহাৰ  সময়ত ওদালগুৰি জিলাৰ স্বাস্থ্য কেন্দ্ৰ সমূহত ভেকচিনৰ অভাৱ হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে । এখন স্বাস্থ্য কেন্দ্ৰত অতিকমেও চাৰি ,পাঁচ শ লোকে ভেকচিন লবলৈ ৰাতিপুৱা পাছ বজাৰ পৰাই শাৰী পাতি থকা সময়ত  ভেকচিনেশ্যচন স্বাস্থ্য কেন্দ্ৰত মাত্ৰ ১০০/২০০ গৰাকী লোকক ভেকচিন প্ৰদান কৰি বাকী থকা সকলক উভতি যাবলৈ বাধ্য কৰোৱা ঘটনাই চিন্তিত কৰিছে জিলাখনৰ সচেতন মহলক । যিখন  ভেকচিনেশ্যচন স্বাস্থ্য কেন্দ্ৰত  প্ৰায় ৫০০  জন লোক ভেকচিনৰ সন্ধানত ওলাই আহে সেই  ভেকচিনেশ্যচন চেণ্টাৰত মাত্ৰ ১০০/২০০ টা ভেকচিন মজুত থাকিলে চৰকাৰে জনোৱা আহ্বান কি দৰে পালন কৰিব তাক লৈয়ো চিন্তিত হৈছে গাঁও সমূহৰ সাধাৰণ ৰাইজ । আৰু আনফালে চৰকাৰে সদৰী কৰা অনুযায়ী চৰকাৰী চাকৰি কৰা লোকে ভেকচিন গ্ৰহণ নকৰিলে  দৰমহা বন্ধ আদি কিছু চৰ্ত ৰখাটো কিমান যুক্তি যুক্ততা আছে তাক লৈয়ো চিন্তিত বহু লোক ।তদুপৰি  কভিশ্বিল দ্বিতীয় পালি লবলৈ শ শ লোক সকলৰ মাজত হাহাঁকাৰ  সৃষ্টি হৈ থকাটো এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷অনতিপলমে পৰ্য্যপ্ত পৰিমানে ভেকচিন প্ৰদান কৰিবলৈ চৰকাৰ,সংশ্লিষ্ট বিভাগক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷

Leave A Reply