Breaking

লাহৰীঘাটৰ স্বাস্হ্য কৰ্মী আক্ৰমণৰ ঘটনাত জড়িত তিনি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ

0 518

 মৰিগাঁও জিলাৰ লাহৰীঘাটৰ  বোৱালগুৰিত ১ জুলাইত এদল দূৰ্বিত্তই এজন চিকিৎসা কৰ্মীক প্ৰহাৰ কৰে।আৰক্ষীয়ে যোৱা কালি  ডিমাপুৰৰ পৰা তিনিওজনকে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অভিযুক্ত কেইজন হ’ল মুকছিদুল ইছলাম, ,আফতাপ হুছেইন আৰু আনোৱাৰ হুছেইন । উল্লেখ্য যে যোৱা ১ জুলাই কৰ্মৰত অৱস্থাত  স্বাস্থ্য  কৰ্মী ছাইফুল ইছলামক ছয়-সাত জনীয়া দূৰ্বিত্তৰ দলে আক্ৰমণ কৰিছিল।পিছত ছাইফুল ইছলামে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।দোষীক কৰায়ত্বৰ দাবীত স্বাস্থ্য কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই বাতৰি সংবাদ মাধ্যমত  সম্প্ৰচাৰ হৈছিল।   এজাহাৰৰ ভিত্তিত এজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও বাকী কেইজন অভিযুক্ত পলাতক আছিল। বাকী কেইজন অভিযুক্তৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। তিনি অভিযুক্তক লাহৰীঘাট আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে।

Leave A Reply