Breaking

সূৰুযৰ “দোমোজা”ত তিনি অভিনেত্ৰীৰ গালে-মুখে পৰিব এচেৰেঙা ৰ’দ

0 2,036

মঞ্চ মুকলি হ’লে শিল্পীৰ বদন উঠে উজলি। কৰ’না কালে মঞ্চ অৱৰুদ্ধ কৰি ৰখাত দীৰ্ঘ দিন নাটক মঞ্চস্থৰ পৰা বিৰত থাকিবলগীয়া হৈছে নাট্য যোদ্ধাসকল। এইকেইদিন কিছু মুকলি হোৱাত যোৰহাটৰ আগশাৰীৰ শিল্পী স্ৰষ্টা সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ কৰ্মকৰ্তাসকল আগবাঢ়ি আহিছে সৃষ্টিত নিমগ্নসকলক উজলাই তুলিবলৈ। প্ৰত্যাহ্বানতো মন সজীৱ ৰখা নাট্য নক্ষত্ৰ মানবেন্দ্ৰ শৰ্মাৰ ৰচিত-পৰিচালিত ‘দোমোজা’ নাটকৰ মাধ্যমেৰে অভিনেত্ৰী পূৰবী শইকীয়া, নম্ৰতা বৰা আৰু চিমী শইকীয়া গন্ধীয়াৰ গালে-মুখে পৰিব সূৰুযৰ এচেৰেঙা ৰ’দ। অহা ৩১ অক্টোবৰৰ সন্ধিয়া ৬.৩০ বজাত অতিমাৰী ক’ভিড ৰোগ প্ৰতিৰোধী নিৰ্দেশনা মানি অন্যতম পুৰণি নাট্যগোষ্ঠীটোৱে যোৰহাট জিলা পুথিভঁৰাল ৰঙ্গমঞ্চ তথা শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত এই ‘দোমোজা’ নাটকখন মঞ্চস্থ কৰিব। অৰ্পণ শৰ্মা পাঠক, ৰঞ্জিত বৰদলৈ, চন্দন ঠাকুৰ, চঞ্চলজ্যোতি বৰদলৈ, দেৱজিৎ বৰা, দিপ্ৰণ শইকীয়া থাকিব গুৰুত্বপূৰ্ণ ভূমিকাত। পৰিচালক মানবেন্দ্ৰ শৰ্মাও বিশেষ চৰিত্ৰত অৱতীৰ্ণ হ’ব। সভাপতি বিনোদ গগৈয়ে প্ৰযোজনা নিয়ন্ত্ৰণত সুচাৰুৰূপে গতি দিছে। প্ৰচাৰৰ অগ্ৰীম দিশ লাটু গগৈ আৰু ধীৰাজ বৰুৱাই আগুৱাই নিছে। সংগীত ব্যঞ্জনাত ব্যস্ত বুবু। নিজৰেই তথৈবচ অৱস্থা যদিও সৰলমনা শিল্পীসকলে দৰ্শকৰ পৰা নলয় প্ৰৱেশ তথা দৰ্শন মূল্য। মাথোঁ ৰাইজৰ মাজত জীয়াই থাকিব বিচাৰে এইসকল শিল্পী। বিচাৰে মাথোঁ আন্তৰিক উপস্থিতি।

Leave A Reply